NORTHEAST NOW (Assamese)
অসম

জল্পনা-কল্পনাৰ অৱসান ঘটাই টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিলে ৰোহিত শৰ্মাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2020 7:32 am

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছে ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ সহ-অধিনায়ক ৰোহিত শৰ্মা।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া চাৰিখনীয়া টেষ্ট শৃংখলাৰ অন্তিম দুখন টেষ্টত ভাৰতীয় ক্ৰিকেট দলৰ সৈতে উপলব্ধ হ’ব তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা।

মঙলবাৰে ৰাতিপুৱাই ডুৱাই হৈ অষ্ট্ৰেলিয়ালৈ ৰোহিত শৰ্মাই উৰা মৰা বুলি জানিব পৰা গৈছে।

বিগত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত হেমষ্ট্ৰিঙত আঘাত পোৱা বাবে ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান লাভ কৰা নাছিল।

পৰৱৰ্তী সময়ত ৰোহিত শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিজৰ ফিটনেছৰ ওপৰত কাম কৰি ফিটনেছ টেষ্টত উত্তীৰ্ণ হয় আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অন্তিম দুখন এদিনীয়াত ভাৰতীয় দলত স্থান লাভ কৰে।

উল্লেখযোগ্য যে, পত্নী অনুষ্কা শৰ্মাই প্ৰথম সন্তান প্ৰসৱ কৰাৰ শুভক্ষণত ওচৰত থকাৰ বাবে অধিনায়ক বিৰাট কোহলীয়ে প্ৰথমখন টেষ্টত অংশ লৈ ভাৰতলৈ উভতি আহিব।

বিৰাট কোহলীৰ অনুপস্থিতিত ৰোহিত শৰ্মাৰ ভাৰতীয় দলত উপস্থিতি যথেষ্ট সহায়ক হ’ব।