NORTHEAST NOW (Assamese)
অসম

উজনিত পৰিস্থিতি প্ৰতিকূল! কাৰ্য্যালয় আক্ৰমণ, গেলাকণী নিক্ষেপেৰে বিজেপিৰ বিৰুদ্ধে জনগণে দেখুৱাইছে ক্ষোভ

Posted by: এন ই নাও নিউজ January 11, 2019 10:31 pm

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে উজনি অসমত বিজেপি ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ পথত। ৮ জানুৱাৰিৰ অসম বন্ধৰ দিনটোত গোলাঘাট, ডিব্ৰুগড়ত ক্ষুভিত জনগণে দলটোৰ কাৰ্য্যালয়ত আক্ৰমণ কৰাৰ লগতে বহু কেইঠাইত মুখ্য মন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন কৰা দেখা গৈছে।

৯ জানুৱাৰিত টিংখাঙৰ লেঙেৰীত বিজেপি নেতাক আবদ্ধ কৰি ককৰ্থনা কৰে জনগণে।

আনহাতে ১০ জানুৱাৰিত শিৱসাগৰত বিজেপিৰ জিলা কাৰ্য্যালয়লৈ গেলাকণী দলিয়াই বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাই বিজেপিৰ কাৰ্য্যালয়লৈ গেলাকণী নিক্ষেপ কৰাৰ লগতে ‘বিজেপি থুই থুই’, ‘সৰ্বানন্দ থুই থুই’ ‘বিজেপি লেই লেই ছেই ছেই’, ‘সৰ্বানন্দ মুৰ্দাবাদ’, ‘মোদী মুৰ্দাবাদ’, ‘বিজেপিৰ দালালি নচলিব’ আদি ধ্বনি দিয়ে। আনহাতে সৰ্বানন্দ সোণোৱালক ‘জাতীয় নপুংসক’ আখ্যা দিয়ে বীৰ লাচিত সেনাৰ শৃংখল অসম চলিহাই।

ইয়াৰ উপৰি সংবাদ মাধ্যমৰ আগত যুৱ নেতাজনে শিৱসাগৰৰ বাঙালীসকলক সতৰ্কবাণী দি কয়, “যদি বিজেপিয়ে হিন্দু বাংলাদেশী আনে তেন্তে শিৱসাগৰৰ বাঙালীসকল ইয়াৰ পৰা যাব লাগিব।”। অৱশ্যে নেতাজনৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। সদায়ে সম্প্ৰীতিৰে বাস কৰি থকা বাঙালী ভাষিক সম্প্ৰদায়টোৰ প্ৰতি প্ৰৰোচনামূলক মন্তব্য কৰাটোক সহজভাৱে লোৱা নাই সচেতন নাগৰিকে।