NORTHEAST NOW (Assamese)

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ; কাজিৰঙাত পৰিভ্ৰমী চৰাইৰ উপস্থিতি সেৰেঙা

December 8, 2019 8:23 am · উত্তম শইকীয়া

বিশ্বৰ বহু গুৰুত্বপূৰ্ণ চৰাই ক্ষেত্ৰৰ ভিতৰত অন্যতম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ স্থানীয় বহু বিৰল প্ৰজাতিৰ চৰাইৰ লগতে পৰিভ্ৰমী বহু চৰাই বিচৰণ ভূমি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ শীত কালত বহু বিদেশী পৰিভ্ৰমী চৰাই আহি উপচি পৰে কাজিৰঙাৰ জলাশয় বোৰ ৷

সাধাৰণতে অক্টোবৰ মাহৰ মাজ ভাগতেই কাজিৰঙালৈ পৰিভ্ৰমী চৰাইৰ আগমন হয় ৷ চীন দেশৰ কিংহাই প্ৰদেশ , চাইবেৰীয়া, লাডাখ, পামিৰ, তিব্বত আদি অঞ্চলৰ পৰা ধৃতৰাজ, চাকৈচকোৱা, পেলিকান, বালিমাহী, বেজী নেজিয়া আদি বিভিন্ন চৰাই কাজিৰঙালৈ আহে ৷

এইসমূহ চৰাইৰ জাকে অক্টোবৰৰ পৰা এপ্ৰিললৈকে কাজিৰঙাৰ জলাশয় বোৰত বিচৰণ কৰে ৷ দেশী-বিদেশী পৰিভ্ৰমী চৰাই আদৰ্শ আৱাস কাজিৰঙা। সাধাৰণতে অক্টোবৰ মাহতেই এই চৰাইবোৰ কাজিৰঙালৈ আহে যদিও এইবাৰ শীত কালত কাজিৰঙালৈ বহু পলমকৈ আহিছে এই পৰিভ্ৰমী চৰাইবোৰ ৷

আনকি নবেম্বৰ মাহৰ প্ৰথম সপ্তাহতো বিগত বছৰবোৰৰ দৰে পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা নাই। দুটামান ধৃতৰাজ ৰাজহাঁহৰ আৰু বেজীনেজিয়া হাঁহৰ বাহিৰে পেলিকান, আকুহা বগকে ধৰি বহু পৰিভ্ৰমী চৰাই এতিয়াও কাজিৰঙালৈ অহা নাই।

বিশেষজ্ঞৰ মতে কাজিৰঙালৈ পৰিভ্ৰমী চৰাইৰ আগমন পলম হোৱাৰ অন্যতম কাৰণ হ’ল গোলকীয় উষ্ণতা বা জলবায়ু পৰিৱৰ্তন। উত্তৰ গোলাৰ্ধৰ চাইবেৰীয়া বা চীন দেশৰ উত্তৰাংশত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবেই অঞ্চলবোৰৰ পৰা পৰিভ্ৰমণ বহু পলমকৈ আৰম্ভ কৰিছে পৰিভ্ৰমী চৰাই বোৰে।

যাৰ পটভূমিত কাজিৰঙাৰ জলাশয় বোৰত আজিলৈকে পৰ্যাপ্ত পৰিমাণে পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা নাই ৷ কাজিৰঙাৰ জলাশয় বোৰলৈ অহা ধৃতৰাজ চৰাই হ’ল বিশ্বৰ সৰ্বাধিক উচ্চতাৰে উৰা চৰাই। তুষাৰাবৃত্ত হিমালয় পৰ্বত অতিক্ৰমী প্ৰায় ২৩ হেজাৰ ফুট উচ্চতাৰে উৰি আহি এই বিধ পৰিভ্ৰমী চৰাই কাজিৰঙা পাইহি ৷

জলবায়ু পৰিৱৰ্তনে সম্প্ৰতি এই ধৃতৰাজ চৰাইৰ আচৰণ, খাদ্যাভাস আৰু পৰিভ্ৰমণ পথতো প্ৰভাৱ পেলাইছে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞই।

Related News