NORTHEAST NOW (Assamese)
Popular Stories

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2025 6:30 am

বৰ্তমান পকা আমৰ বতৰ চলি আছে। সকলোৱে উপভোগ কৰি আছে মিঠা আৰু ৰসাল আম । পকা আমৰে বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰি। আমৰ লাচী তাৰ ভিতৰত অন্যতম। বনাবলৈ একেবাৰে টান নহয়। অপ্ৰত্যাশিত অতিথিৰ মনোৰঞ্জনৰ বাবে বা ভাগৰুৱা দুপৰীয়া অলপ সতেজতাৰ বাবে সুস্বাদু পকা আমৰ লাচী বনাব পাৰে। কেনেকৈ বনাব? পকা আমৰ লাচি বনোৱাৰ সহজ ৰেচিপি জানো আহক-

কিদৰে বনাব লাগিব

পকা আম – ২

দৈ – ১ কাপ

চেনি – ২ চামুচ

ঠাণ্ডা গাখীৰ – আধা কাপ

থেতেলিওৱা বৰফ – প্ৰয়োজন অনুসৰি

কটা পিষ্টাচিয়া – পৰিবেশনৰ বাবে।

কেনেকৈ বনাব

প্ৰথমে খোলা আমৰ টুকুৰা, দৈ, চেনি, আৰু ঠাণ্ডা গাখীৰ ব্লেণ্ডাৰত মিহলাই লওক। মিশ্ৰণটো বেছি ডাঠ যেন লাগিলে অলপ বেছিকৈ ঠাণ্ডা গাখীৰ দিব পাৰে। এতিয়া থেতেলিয়াই লোৱা বৰফ দি ভালদৰে মিহলাই লওক। এই পৰ্যায়ত পকা আমৰ লাচীখিনি গিলাচত ঢালি দিব। তাৰ পাছত লাট্চিখিনি কটা পিষ্টাচোৰে সজাই পৰিবেশন কৰক।