NORTHEAST NOW (Assamese)

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

July 17, 2025 7:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 16, 2025 8:57 pm

গৰমৰ দিনত বহু লোকৰ শৰীৰৰ পৰা ঘাম ওলাই এক দুৰ্গন্ধৰ সৃষ্টি কৰে। বহু সময়ত ঘামৰ দুৰ্গন্ধৰ বাবেই বহু লোক বহু ঠাইত অপ্ৰস্তুত হ’বলগীয়া হয়।

শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ দূৰ কৰিবলৈঘৰুৱা উপায়েৰে গাৰ বেয়া গোন্ধ ৰোধ কৰিব পাৰি। অলপ মৌ গৰম পানীত মিহলাই গা ধোৱাৰ পাছত ঢালি ঘামৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি।

গা ধোৱা পানীৰ সৈতে গোলাপ জল মিহলাই গা ধুলে গাৰ বেয়া গোন্ধ আঁতৰিব।

নিমপাত উতলাই গা ধোৱা পানীৰ সৈতে মিহলাই গা ধুলে বেক্টেৰিয়া নষ্ট হয় আৰু গৰমৰ ফলত গাত হোৱা গোন্ধ হ্ৰাস পায়।

নেমুৰ ৰসত বেকিং চডা মিহলাই কাষলতিত তলত লগালে দুৰ্গন্ধ আঁতৰ কৰিব পাৰে। ইয়াৰ উপৰি বেচনৰ সৈতে দৈ মিহলাই গাত লগালে ঘামৰ গোন্ধৰ পৰা ৰক্ষা পাব পাৰি।

তদুপৰি গা ধোৱাৰ সময়ত শ্বাৱাৰ জেল, বডি শ্বেম্পু ব্যৱহাৰ কৰিব লাগে, ইয়াৰ বাবে আপোনাৰ শৰীৰত ঘামৰ গোন্ধ নাথাকে। পদিনা পাত পিহি গা ধোৱা পানীত দি গা ধুলে দুৰ্গন্ধ কমে।

Related News