NORTHEAST NOW (Assamese)

প্ৰতিদিনে পুৱা খালী পেটত আমলখি খালে লাভ কৰিব এইসমূহ উপকাৰিতা…

May 29, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 28, 2025 8:45 pm

আমলখিৰ বিভিন্ন উপকাৰ আছে। এই ফলটো দেখাত বৰ সোৱাদ নাথাকিবও পাৰে, কিন্তু স্বাস্থ্যৰ বাবে ই যথেষ্ট উপকাৰী। আমলখি কেৱল কেঁচাকৈ খোৱাই নহয়, ইয়াৰ সহায়ত আচাৰ, চাটনি আদিও বনাব পাৰি।প্ৰতিদিনে খালী পেটত এটাকৈ আমলখি ফল খালে ই আপোনাৰ স্বাস্থ্যৰ বাবে আচৰিত কাম কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু আন বহুতো উপকাৰিতাত খালী পেটত আমলখি খোৱাটো উপকাৰী হব পাৰে। প্ৰতিদিনে খালী পেটত আমলখি খোৱাৰ উপকাৰিতা জানি লওক-

১) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে-

প্ৰতিদিনে খালী পেটত এটা আমলখি ফল খোৱাটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি উপকাৰী হব পাৰে। এই ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।ভিটামিন চি সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাৰ মূল চাবিকাঠি। খালী পেটত আমলখি খোৱাটো উপকাৰী কাৰণ ই ভিটামিন শোষণত সহায় কৰে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

২) হজম শক্তি উন্নত কৰে-

খালী পেটত আমলখি খোৱাৰ অভ্যাস পাচন স্বাস্থ্যৰ বাবেও উৎকৃষ্ট। আমলখিত অধিক পৰিমাণে আঁহ থাকে আৰু ৰাতিপুৱা খালে মলত্যাগ বাঢ়ে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে, কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে সমস্যা ৰোধ কৰে, আৰু এইদৰে হজম শক্তি উন্নত কৰে।

৩/ ওজন কমাবলৈ সহায় কৰে-

খালী পেটত আমলখি খোৱাতো ওজন কমাব পাৰে। আমলখিয়ে বিপাকীয় ক্ৰিয়া আৰম্ভ কৰাৰ কাম কৰে। ৰাতিপুৱা খালে আপুনি খোৱা খাদ্যখিনি সোনকালে শক্তিলৈ ৰূপান্তৰিত হোৱাত সহায় কৰে। ইয়াৰ ফলত গোটেই দিনটোত অধিক কেলৰি জ্বলোৱা সম্ভৱ হয়, যাৰ ফলত ওজন কমি যায়।

৪/ ছালৰ বাবে ভাল-

আপুনি আপোনাৰ ছালৰ যত্নৰ বাবে বহু কাম কৰি আছে কিন্তু তথাপিও কোনো সুবিধা পোৱা নাই নেকি? যদি আছে তেনেহলে প্ৰতিদিনে খালী পেটত এটাকৈ আমলখি খালে ছালখন সুন্দৰ হব। কাৰণ আমলখি ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যিয়ে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু ছালৰ পুষ্টি প্ৰদান কৰে। ভিটামিন চিৰ লগতে আমলখিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিবোৰ ছালৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।

৫) চুলি মজবুত কৰা-

যিহেতু আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, গতিকে প্ৰতিদিনে আমলখি খোৱাটোও চুলিৰ বাবে উপকাৰী হব পাৰে। এই ভিটামিনে মূৰৰ ছালত থকা বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু চুলিৰ গুৰি শক্তিশালী কৰে, যাৰ ফলত চুলি সুস্থ হৈ পৰে। ইয়াক খালে চুলি সৰা কমি যায় আৰু মূৰৰ ছাল সুস্থ হৈ থাকে। গতিকে, যদি আপুনি ইতিমধ্যে আমলখি খোৱা নাই, তেন্তে প্ৰতিদিনে পুৱা খালী পেটতে এটা আমলখি খাবলৈ আৰম্ভ কৰক।

Related News