NORTHEAST NOW (Assamese)
জীৱনশৈলী

কিমান পৰিমাণৰ চেনি হ’ব পাৰে ঘাতক ৰোগৰ উৎস! কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2023 9:11 pm
sugar

অতিমাত্ৰা সকলোৰে বেয়া। তাতে অতিমাত্ৰা চেনি দেহৰ বাবে কেনে বিপজ্জনক হৈ উঠিব পাৰে, সেয়া সকলোৰে জ্ঞাত। অৱশ্যে ৰোগাক্ৰান্ত নোহোৱালৈকে পৰিমিত চেনি জিভাৰ স্বাদৰ বাবে গ্ৰহণ কৰাত তেনে বিশেষ অসুবিধা নাই।

তথাপি চেনি খোৱাৰ ক্ষেত্ৰত সকলো লোকেই সাৱধান হোৱা ভাল। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমান হ্ৰাস কৰাৰ পৰামৰ্শ দিছে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই চেনিৰ লগতে নিমখ আৰু তেল খোৱাটোও কমাবলৈ পৰামৰ্শ দিছে।

চেনি, নিমখ আৰু তেল প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিজ, শকত হোৱা, হাইপাৰটেনশ্যন, হাৰ্ট এটেক আৰু কিডনিৰ সৈতে জড়িত প্ৰাণনাশী বেমাৰ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন বয়স্ক ব্যক্তিয়ে দিনটোত কেবল ৬ চামুচ (চাহ চামুচ) চেনিহে খোৱা উচিত। ইয়াৰ উপৰি আহাৰত এদিনত কেবল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খোৱা উচিত।

পিচে, ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবেদনত যিধৰণৰ তথ্য পোৱা যায় সেয়া অত্যন্ত উদ্বেগজনক।

কিয়নো ভাৰতত এজন লোকে গড়ে দিনটোত ১৬ৰপৰা ২০ চামুচ চেনি খায় আৰু আহাৰত ২-৩ চামুচ নিমখ তথা প্ৰায় ৮ চামুচ তেল গ্ৰহণ কৰে।

জানি থোৱা ভাল যে, আমি সাধাৰণতে চাহৰ সৈতে বা জলপানৰ সৈতে মিলাই খোৱা চেনিয়েই কেৱল আমাৰ দেহলৈ নাযায়, চেনি আমি গ্ৰহণ কৰা নানা খাদ্যৰ লগতে ফল আদিতো থাকে।

চেনি কেইবা প্ৰকাৰৰো থাকে যেনে মাল্টোজ, ফ্ৰক্টোজ, সুক্ৰোজ, গেলেক্টোজ আৰু লেক্টোজ।