NORTHEAST NOW (Assamese)

ক’ৰ’নাতংকৰ মাজতে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন

June 1, 2020 9:19 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতেই আজি নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ খালী হৈ থকা ১৮ খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি এই ১৮ খন আসনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতে অৰ্থাৎ সন্ধিয়া ৫ বজাৰ পৰা ভোট গণনা চলিব বুলিও জনায়।

উল্লেখ্য যে, যোৱা ২৬ মাৰ্চতে ৰাজ্যসভাৰ ৫৫ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰে ৩৭ গৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

ইয়াৰ পিছতে বাকী ১৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাতাং হৈ পৰে। কিন্তু ক’ৰ’না ভাইৰাছৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে নিৰ্বাচন স্থগিত কৰি দিয়ে।

এতিয়া অহা ১৯ জুনত অন্ধ্ৰপ্ৰদেশ, মধ্য প্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান, গুজৰাট, মণিপুৰ আৰু মেঘালয়ৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

আজি এই সমগ্ৰ কথা মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই সংবাদমেলযোগে জনায়।

নিৰ্বাচন আয়োগে জানিব গদিয়া মতে অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটৰ চাৰিখন, ঝাৰখণ্ডৰ দুখন, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দুখন আৰু মণিপুৰ আৰু মেঘালয়ৰ এখন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News