NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ হাতত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিৰ প্ৰথমখন প্ৰতিবেদন দাখিল

June 1, 2020 4:21 pm · দীপজ্যোতি শৰ্মা
Updated: June 1, 2020 4:54 pm
প্ৰথমখন প্ৰতিবেদন দাখিলৰ সময়ত

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিয়ে প্ৰতিবেদন দাখিল কৰে।

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ নেতৃত্বত মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ৰাজ্যৰ অৰ্থনৈতিক পুনৰুত্থানৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছিল অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিক।

এপ্ৰিল মাহত গঠন কৰি দিয়া আঠজনীয়া কমিটিয়ে ব্ৰক্ষ্মপুত্ৰ অতিথিশালাত অনুষ্ঠিত হোৱা এখন বৈঠকত প্ৰথমখন প্ৰতিবেদন দাখিল কৰে।

বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

বৈঠকৰ শেষত মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হ’ব বুলি মন্তব্য কৰে ৷

‘‘আমি এখন কমিটি গঠন কৰিছো যাতে এই প্ৰতিবেদনৰ মতে কাম বোৰ কৰিব পৰা যায়। এই কমিটিখনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক। নতুন কমিটিখনত সদস্য ৰূপে আছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰা,’’ মুখ্য মন্ত্ৰী সোণোৱালে কয়।

আনহাতে, অনাগত দিনত দক্ষতা বিকাশ, কৃষি, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি লগতে মত প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Related News