NORTHEAST NOW (Assamese)

ইডিয়ে জব্দ কৰিলে নীৰৱ মোদীৰ প্ৰায় ৩০ কোটি টকাৰ সম্পত্তি; আপুনি নিলামত অংশ ল’ব বিচাৰে যদি পঢ়ক এই প্ৰতিবেদন…

September 12, 2024 3:27 pm · এন ই নাও নিউজ, গুৱাহাটী

ঋণ ডিফল্ট গোচৰৰ অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ২৯ কোটি ৭৫ লাখ টকাৰ সম্পত্তি সাময়িকভাৱে জব্দ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। কেন্দ্ৰীয় সংস্থাটোৰ মুম্বাই আঞ্চলিক কাৰ্যালয়ৰ তথ্য অনুসৰি এই বিপুল পৰিমাণৰ সম্পত্তি বেআইনী বিত্তীয় লেনদেন প্ৰতিৰোধ আইন, ২০২২ (পিএমএলএ)ৰ অধীনত জব্দ কৰা হয়।

ইডিৰ অভিযোগ অনুসৰি নীৰৱে পঞ্জাব নেশ্যনেল বেংকক ৭ হাজাৰ কোটি টকাৰ প্ৰতাৰণা কৰিছে। এই পৰ্যন্ত ইডিয়ে নীৰৱৰ ৪০০০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি কিছু সম্পত্তি নিলাম কৰি প্ৰায় ৭১ কোটি টকা পিএনবিলৈ ঘূৰাই দিয়া হৈছে। বাকীবোৰ নিলামৰ বাবে শুনানি চলি আছে। অৱশ্যে আইনী প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে নীৰৱৰ শিবিৰে।

প্ৰসংগক্ৰমে ২০১৮ চনত পঞ্জাৱ নেচনেল বেংকৰ পৰা ঋণ জালিয়াতিৰ গোচৰত নীৰৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হোৱাৰ পিছতে তেওঁ পলায়ন কৰে। ইডিয়ে তেওঁক ‘পলাতক’ বুলি ঘোষণা কৰে। ২০১৯ চনত ব্ৰিটেইনত গ্ৰেপ্তাৰ হৈছিল নীৰৱক। তেতিয়াৰ পৰাই তেওঁ লণ্ডনৰ কাৰাগাৰত বন্দী হৈ থাকে। নতুন দিল্লীয়ে প্ৰত্যাৰ্পণৰ প্ৰচেষ্টা চলোৱাৰ পাছতো ডিফল্ট কৰা গুজৰাটী ব্যৱসায়ীজনে দেশলৈ উভতি যাবলৈ অস্বীকাৰ কৰে।

Related News