NORTHEAST NOW (Assamese)

নেচনেল হেৰাল্ড গোচৰ: ছোনিয়া গান্ধীলৈ পুনৰ ইডিৰ চমন, ২১ জুলাইত হাজিৰ হ’বলৈ নিৰ্দেশ

July 11, 2022 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী

নেচনেল হেৰাল্ড গোচৰত তদন্তৰ আওতাত থকা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ পুনৰ চমন জাৰি কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। কংগ্ৰেছ নেত্ৰীগৰাকীক ২১ জুলাইত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে ছোনিয়া গান্ধীক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ইয়াৰ পূৰ্বে নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত ২ জুনত সংস্থাটোৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু ১ জুনত ক’ভিদত আক্ৰান্ত হোৱাৰ বাবে পুনৰ ৮ জুনৰ সময়সীমা দিয়া হৈছিল। অৱশ্যে ক’ভিদ আৰু হাঁওফাঁওৰ ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে তেওঁৰ সময়সীমা কেইসপ্তাহমান পিছুৱাই দিবলৈ আহ্বান জনাই ইডিলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই ইডি- এ তেওঁক চাৰি সপ্তাহৰ সময় দিছিল আৰু এই সময়সীমা ২২ জুলাইত সমাপ্ত হ’ব।

আনহাতে ছোনিয়া গান্ধীৰ পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈও একেটা গোচৰত চমন জাৰি কৰিছিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। পাঁচ দিন ধৰি ইডি- ৰ জেৰাৰ সন্মুখীন হৈছিল ৰাহুল গান্ধী।

Related News