NORTHEAST NOW (Assamese)
অসম

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৬৯লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 9:39 pm
12 more Covid19 patients die in Assam on Saturday

আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বৃহস্পতিবাৰলৈকে ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৯লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কৰিমগঞ্জৰ ধনেশ্বৰ সিনহা (৭৮), কাছাৰৰ বিশ্বজিত কৰ (৫৩), ডিব্ৰুগড়ৰ অনিতা বিশ্বাস (৪৭), বিপুল শইকীয়া (৫৩), ভোলানাথ দাস (৩৯) আৰু চফিকুদ্দিন লস্কৰ (৫৮), লখিমপুৰৰ খগেশ্বৰী দেৱী (৫৩) আৰু বঙাইগাঁৱৰ মংগল চি ৰয় (৪৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বুধবাৰলৈকে অসমত ক’ভিডত ১৬১গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত এতিয়ালৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।