NORTHEAST NOW (Assamese)

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

June 29, 2022 2:25 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

Eknath Shinde camp donates মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নেতা একনাথ সিন্দে বাহিনীয়ে আগবঢ়াইছে ৫১ লাখ টকা।

টুইটাৰ যোগে এই কথা ঘোষণা কৰে একনাথ সিন্দেই।

সকলো বিধায়কে মিলি বানৰ কবলত বুৰি থকা অসমৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধন আগবঢ়ায়।

যোৱা ২২ জুনৰ পৰা এসপ্তাহতকৈয়ো অধিক দিন হোটেল ৰেডিছন ব্লুত বাহৰ পাতি আছে সিন্দে বাহিনী।

বৰ্তমানলৈকে কোটিৰ ঘৰত হোটেলত থকাৰ বাবদ খৰচ হোৱা বুলি জানিব পৰা গৈছে।

শিৱসেনাৰ বিসম্বাদী শিবিৰটোৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই শিৱসেনাৰ ৪০ গৰাকী বিধায়কসহ মুঠ ৫০ গৰাকী বিধায়ক তেওঁৰ সমৰ্থনত আছে বুলি দাবী কৰিছিল।

আজি মুম্বাইলৈ উভতি যাব বিসম্বাদী বিধায়কৰ দলটো। তাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকা আগবঢ়োৱা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই একনাথ সিন্দে বাহিনীক টুইটযোগে কৃতজ্ঞতা জ্ঞাপন কৰে।

Related News