NORTHEAST NOW (Assamese)

সমুখ-সমৰত পুটিন-এলন মাস্ক! পুটিনক একক যুঁজৰ প্ৰত্যাহ্বান এলন মাস্কৰ

March 15, 2022 8:55 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 15, 2022 9:01 am

ইউক্ৰেইন আক্ৰমণ কৰি সমগ্ৰ বিশ্বকে হতচকিত কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক এইবাৰ একক যুঁজৰ প্ৰত্যাহ্বান! এই প্ৰত্যাহ্বান কোনো ৰাছিয়া বিৰোধী শক্তিশালী ৰাষ্ট্ৰ অথবা নাটোৰ দৰে সংস্থাৰ নহয়! এজন পুঁজিপতিয়ে পুটিনক দিছে এই হুংকাৰ।

টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক একক যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছে।

টুইটাৰৰ জৰিয়তে মাস্কে পুটিনক যুঁজৰ প্ৰত্যাহ্বান জনাই লিখিছে, “মই ইয়াৰ দ্বাৰা ভ্লাদিমিৰ পুটিনক একক যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছো।”

ৰাষ্ট্ৰপতি পুটিনৰ ব্যক্তিগত টুইটাৰ একাউণ্ট নথকাৰ বাবে মাস্কে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা নিশ্চিতি বিচাৰি আন এটা টুইটত পুটিন এই যুঁজত সন্মত নে বুলি প্ৰশ্ন কৰে।

 

উল্লেখ্য যে এলন মাস্কে ইয়াৰ পূৰ্বে ইউক্ৰেইনক নিজা কোম্পানীৰ ষ্টাৰলিংক উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেট সংযোগ প্ৰদান কৰিছিল।

ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত প্ৰায় ৬০০ জন অসামৰিক লোকৰ মৃত্যু হৈছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে।

আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা অলেক্সি আৰেষ্টোভিচে কেৱল মাৰিঅ’পোল চহৰতে ২,৫০০ সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।

যুদ্ধ বিধস্ত ইউক্ৰেইনৰ পৰা পোলেণ্ড আৰু অন্যান্য চুবুৰীয়া দেশলৈ ২.৮ নিযুতৰো অধিক লোকে দেশ এৰি পলায়ন কৰিছে।

এনে সময়তে বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি এলন মাস্কৰ ইউক্ৰেইনৰ প্ৰতি সমৰ্থন তথা পুটিনক এইদৰে মুকলি যুঁজলৈ আহ্বান জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Related News