NORTHEAST NOW (Assamese)

‘ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস’ উদযাপনৰ বাবে বাধ্য হৈছে দেশৰ যুৱ প্ৰজন্ম : ৰাহুল গান্ধী

September 17, 2020 12:35 pm · এন ই নাও নিউজ
Updated: September 17, 2020 12:57 pm
ফটো উৎস : ইণ্টাৰনেট

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰধান মন্ত্ৰীগৰাকীক শুভেচ্ছা প্ৰদান কৰিছে।

ৰাহুল গান্ধীয়ে টুইটোত লিখিছে, ‍‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীজিক তেওঁৰ জন্মদিনৰ শুভকামনা’।

শুভকামনা জনোৱাৰ পিছতে ৰাহুলে অন্য এটা টুইটেৰে মোদী নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনাও কৰা পৰিলক্ষিত হয়।

তেওঁ দ্বিতীয়টো টুইটত নিবনুৱা সমস্যাৰ প্ৰসংগ উত্থাপন কৰে।

ৰাহুলে টুইটটোত উল্লেখ কৰে, ‍‘এইটোৱেই কাৰণ যাৰ বাবে আজি দেশৰ যুৱ প্ৰজন্মই ‍‘ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস’ উদযাপন কৰাৰ বাবে বাধ্য হৈ পৰিছে। কৰ্মসংস্থাপন সন্মান হয়। এই সন্মান দিবলৈ চৰকাৰে কেতিয়ালৈকে পিছুৱাই থাকিব?’

এখন হিন্দী বাতৰি কাকতত প্ৰকাশিত এটা বাতৰিৰ প্ৰসংগৰে ৰাহুল গান্ধীয়ে এই টুইটটো কৰিছে।

বাতৰি কাকতখনৰ মতে দেশত চাকৰি বিচৰা লোকৰ সংখ্যা কোটিতকৈও অধিক আৰু তাৰ বিপৰীতে চৰকাৰৰ হাতত আছে মাত্ৰ ১.৭৭ লাখ চাকৰি।

কাকতখনত প্ৰকাশিত তথ্য অনুসৰি চাকৰি বিচৰা লোকৰ সংখ্যাৰ ফালৰ পৰা এক নম্বৰত আছে পশ্চিম বংগ (২৩.৬১ লাখ)।

ইয়াৰ পিছত আছে ক্ৰমান্বয়ে উত্তৰ প্ৰদেশ (১৪.৬২ লাখ), বিহাৰ (১২.৩২) আৰু দিল্লী (৯০ হাজাৰ)।

Related News