NORTHEAST NOW (Assamese)

উত্তপ্ত কাশ্মীৰত সেনাৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

July 17, 2020 11:39 am · এন ই নাও নিউজ

অশান্ত কাশ্মীৰত শুকুৰবাৰে পুৱাই সেনাই নিধন কৰিলে তিনিজনকৈ পাকিস্তানী সন্ত্ৰাসবাদীক। ইয়াকে লৈ মাত্ৰ এটা সপ্তাহৰ ভিতৰত কাশ্মীৰত নিহত পাক সন্ত্ৰাসবাদীৰ সংখ্যা আঠ জন হ’লগৈ।

ভাৰতীয় সেনাৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে পুৱা পাক সন্ত্ৰাসবাদীৰ এটা দলে কাশ্মীৰৰ কুলগাম অঞ্চলৰ নাগনাদত বাহৰ পতাৰ খবৰ পোৱাৰ পিছতে সেনাৰ এটা দলে উক্ত অঞ্চললৈ যায় আৰু সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

সেনাৰ উপস্থিতিৰ উমান পোৱাৰ পিছতে সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

প্ৰত্যুত্তৰত সেনাই গুলীবৰ্ষণ কৰাত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।

এই সংঘৰ্ষত ভাৰতীয় সেনাৰ তিনিজন জোৱান আহত হয় বুলি জানিব পৰা গৈছে।

সংঘৰ্ষস্থলীৰ পৰা পিছত সেনাই তিনিজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সংঘৰ্ষ চলি থকাৰ সময়তে বহু কেইজন সন্ত্ৰাসবাদীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সেনাই পলাতক সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি নিহত সন্ত্ৰাসবাদী কেইজন পাকিস্তানৰ জইছ ই মহম্মদৰ সদস্য বুলি নিশ্চিত কৰা হৈছে।

মৃত সন্ত্ৰাসবাদী কেইজনৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।

Related News