NORTHEAST NOW (Assamese)

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm · এন ই নাও নিউজ, গুৱাহাটী

শিক্ষা প্ৰতিস্থানত আজিৰ দিনতো বৰ্ণ বৈষম্য দেখিবলৈ পোৱাটো আতি লজ্জাৰ কথা। শেহতীয়া কৈ উচ্চতম ন্যায়ালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগক (ইউজিচি) কলেজত জাতিভিত্তিক হাৰাশাস্তি আৰু বৈষম্য বন্ধ কৰিবলৈ আঠ সপ্তাহৰ ভিতৰত নতুন নিয়ম প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশ জাতিভিত্তিক হাৰাশাস্তিৰ সন্মুখীন হৈ আত্মহত্যা কৰি মৃত্যুবৰণ কৰা প্ৰান্তীয় সম্প্ৰদায়ৰ দুগৰাকী ছাত্ৰ ৰোহিত ভেমুলা আৰু পায়াল তাদৱীৰ মাতৃয়ে দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়তে এই নিৰ্দেশ প্ৰদান কৰিছে। আদালতে ইউজিচিক এই নিয়মসমূহ অধিক শক্তিশালী কৰাৰ বাবে মানুহৰ পৰা পোৱা পৰামৰ্শও বিবেচনা কৰাৰ মত পোষণ কৰিছে।

উল্ল্যেখ্য যে হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পি এইচ ডি ছাত্ৰ ৰোহিত ভেমুলাৰ ২০১৬ চনত মৃত্যু হয় আৰু মুম্বাইৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ পয়াল তাদৱীৰ ২০১৯ চনত মৃত্যু হয়, দুয়োজনেই জাতিভিত্তিক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত আত্মহননৰ পথ বাছি লয়। তেওঁলোকৰ মাতৃ ৰাধিকা ভেমুলা আৰু আবেদা চেলিম তাদ্বীয়ে কয় যে জাতি বৈষম্যৰ অভিযোগ চম্ভালিবলৈ ইউজিচিৰ ২০১২ চনৰ নিয়ম কাৰ্যক্ষম নহয়। তেওঁলোকে আৰ টি আইৰ উত্তৰৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি বহু বিশ্ববিদ্যালয়ে কোনো অভিযোগৰ ৰিপৰ্ট দিয়া নাই বা সেইবোৰৰ সমাধানৰ কোনো উপযুক্ত ব্যৱস্থাও নাই।

উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছিল যে ইউজিচিত বৈষম্যমূলক প্ৰথা নিষিদ্ধ কৰা স্পষ্ট নিয়ম অন্তৰ্ভুক্ত কৰা, অনুসূচিত জাতি, অনুসূচিত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কমেও ৫০% সদস্যৰে এখন সমিতি গঠন কৰা, পৰীক্ষাৰ ৰেংকৰ ভিত্তিত হোষ্টেল বা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পৃথক কৰাটো এৰাই চলিব লাগে। অভিযোগসমূহ ভালদৰে অনুসৰণ কৰিবলৈ বৃত্তি প্ৰক্ৰিয়াটো ডিজিটেলাইজ কৰাৰ পৰামৰ্শও আদালতে আগবঢ়ায়, যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ন্যায্য ব্যৱহাৰ নিশ্চিত কৰা হয়।

Related News