NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ পৰা ভাষণ “ফেইচবুক লাইভ” কৰা মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে তদন্ত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 14, 2020 7:45 pm
Himanta Biswa Sarma

১৩ জানুৱাৰিত অনুষ্ঠিত বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়ত নিজৰ ভাষণ ফেইচবুক লাইভ কৰা মন্ত্ৰী হিমন্তৰ কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে অধ্যক্ষ হিতেন গোস্বামীয়ে।

মন্ত্ৰীজনে কালি বিশেষ অধিৱেশনত বিভিন্ন বিষয় সামৰি দীঘলীয়া উদাত্ত ভাষণ দিছিল আৰু সেয়া ফেইচবুক লাইভ কৰিছিল।

নিয়মমতে, বিধানসভাৰ কাৰ্য্যসূচী কোনেও ফোনত ৰেকৰ্ডিং কৰিব নোৱাৰে। আনকি ম’বাইল ফোন ছুইচ্ছ অন অৱস্থাত লগত ৰাখিবও নোৱাৰে।

পূৰ্বে এবাৰ বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামীয়ে এনে নকৰিবলৈ সকীয়নিও দিছিল বিৰোধী বিধায়কক।

কিন্তু শাসক দলৰ বিধায়ক তথা ক্ষমতাশালী মন্ত্ৰী হোৱা বাবেই হিমন্তই বিশ্ব শৰ্মাই নিয়ম-নীতিলৈ “কেয়াৰ” নকৰাকৈ নিজৰ ভাষণ বিধানসভাৰ মজিয়াৰ পৰাই লাইভ দিয়ে।

আনকি মন্ত্ৰীজনে নিজৰ ভাষণ লাইভ দিয়া হ’ব বুলি ফেইচবুকত কালি আগতীয়াকৈ এটা ঘোষণাও দিয়ে।

এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামে মন্ত্ৰীজনৰ এই ধৃষ্টতাৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়ে।

আনহাতে কংগ্ৰেছ দলৰ বিধায়ক ৰকিবুল হুছেইনে বিধানসভাৰ অধ্যক্ষৰ পৰা জানিব বিচৰাত কয়, ইতিমধ্যে মন্ত্ৰীজনৰ এই কাণ্ডৰ তদন্ত কৰাৰ সিদ্ধান্ত কৰা হৈছে।