NORTHEAST NOW (Assamese)
অসম

শিশুটিক ১০ বছৰ বয়স হোৱাৰ আগতেই এই ৫টা কথা শিকাওক! ডাঙৰ হৈ আৰু সমস্যাত নপৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2025 7:40 am

প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহু কষ্ট কৰে। সেয়ে আপোনাৰ শিশুটিক এটা উন্নত জীৱনৰ বাবে সৰুৰে পৰাই ৫টা জীৱন দক্ষতা (life skill) শিকাব লাগে। বিশেষকৈ ১০ বছৰ বয়সৰ আগতেই তেওঁলোকক এয়া শিকাব লাগিব। এইবোৰে তেওঁলোকক এজন ভাল নাগৰিক আৰু এজন সফল ব্যক্তি কৰি তুলিব।

আত্মসচেতনতা হ’ল নিজৰ অনুভৱ, শক্তি, দুৰ্বলতা, নিজক সম্পূৰ্ণৰূপে জনা। শিশুৱে নিজকে বুজি পালে নিজকে ভালকৈ বিকশিত কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজকে আনৰ লগত তুলনা নকৰাকৈয়ে নিজৰ মূল্য উপলব্ধি কৰিব।

এই দক্ষতাৰ জৰিয়তে শিশুৱে আনৰ লগত ভালদৰে যোগাযোগ কৰিব পাৰে। এই দক্ষতাসমূহৰ ভিতৰত আছে কথা কোৱা, লিখা, শৰীৰৰ ভাষা। ভাল যোগাযোগৰ জৰিয়তে শিশুৱে নিজৰ মতামত স্পষ্ট আৰু সন্মানেৰে প্ৰকাশ কৰিব পাৰে। তদুপৰি, তেওঁলোকে আনৰ মতামত বুজিবলৈ আৰু সন্মান কৰিবলৈও শিকিব।

শিশুৱে যদি সৰুৰে পৰা এই দক্ষতাসমূহ শিকে তেন্তে ভৱিষ্যতে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সহজে সক্ষম হ’ব। এই দক্ষতাই তেওঁলোকক যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। আপোনাৰ সন্তানে সমস্যা সমাধানৰ দক্ষতাৰ বাবে কেতিয়াও সমস্যাৰ সন্মুখীন হ’বলৈ কুণ্ঠাবোধ নকৰিব।

আনৰ লগত মিলি কাম কৰাটোৱেই এই দক্ষতাৰ চিহ্ন। এই দক্ষতাই শিশুসকলক উমৈহতীয়া লক্ষ্যত উপনীত হোৱাত সহায় কৰে। শিশুৱে যদি সৰুৰে পৰা এই দক্ষতা আহৰণ কৰে তেন্তে তেওঁলোকে আনৰ মতামতক সন্মান কৰিব পাৰিব আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় সাজু থাকিব।

সৃষ্টিশীলতাই নতুন ধাৰণা সৃষ্টি কৰাত আৰু নতুন ধৰণে চিন্তা কৰাত সহায় কৰে। শিশুক সৰুৰে পৰা এই দক্ষতা শিকোৱাটোৱে তেওঁলোকক স্বতন্ত্ৰভাৱে চিন্তা কৰাত সহায় কৰিব পাৰে আৰু উদ্ভাৱনীমূলক বস্তু আৱিস্কাৰ কৰিব পাৰে।