NORTHEAST NOW (Assamese)

বিশ্বই নতুন বছৰক আদৰণি জনোৱাৰ সময়তে জানি লওক যিখন দেশত ১৩ মাহত হয় এবছৰ!

January 2, 2026 9:47 am · এন ই নাও নিউজ, গুৱাহাটী

ইংৰাজী বৰ্ষ ২০২৫ পাৰ হৈ গ’ল। ইয়াৰ মাজতে বিশ্বই ২০২৬ চনৰ নতুন বছৰক আদৰণি জনাইছে।কিন্তু আফ্ৰিকাৰ এখন দেশত এই নতুন বছৰৰ বাবে কোনো উত্তেজনা নাই। দেশখনৰ নাম ইথিওপিয়া।

অৱশ্যে কোনো ট্ৰেজেডীৰ বাবেই এনে হোৱা নাই। ইয়াৰ আঁৰৰ কাৰণ হ’ল ইথিওপিয়াৰ কেলেণ্ডাৰ পশ্চিমীয়া কেলেণ্ডাৰতকৈ প্ৰায় ৭ৰ পৰা ৮ বছৰ পিছ পৰি আছে।

ইথিওপিয়াৰ কেলেণ্ডাৰ আৰু পশ্চিমীয়া কেলেণ্ডাৰৰ মাজত পাৰ্থক্যৰ কাৰণ হ’ল যীচু খ্ৰীষ্টৰ জন্ম গণনাৰ পদ্ধতিৰ পাৰ্থক্য। যদিও ৫০০ খ্ৰীষ্টাব্দত কেথলিক গীৰ্জাই তেওঁলোকৰ হিচাপ শুধৰণি কৰিছিল, ইথিওপিয়াৰ অৰ্থডক্স গীৰ্জাই তেনে কৰা নাছিল। ফলত ইথিওপিয়াত পশ্চিমীয়া কেলেণ্ডাৰৰ ১১ ছেপ্টেম্বৰত আৰু অধিবৰ্ষত (লিপ ইয়েৰ) ১২ ছেপ্টেম্বৰত নৱবৰ্ষ পালন কৰা হয়।

ইথিওপিয়াত ১২ মাহৰ প্ৰতিটোতে ৩০ দিন থাকে। আৰু বছৰৰ শেষ বা ত্ৰয়োদশ মাহত পাঁচ বা ছয় দিন থাকে, অৱশ্যে ই অধিবৰ্ষৰ ওপৰত নিৰ্ভৰ কৰে।

দেশখনে সময়ৰ হিচাপও পৃথিৱীৰ আন দেশতকৈ বেলেগ ধৰণে কৰে। দিনটোক ১২ ঘণ্টাৰ দুটা খণ্ডত ভাগ কৰা হয়, যাৰ আৰম্ভণি হয় পুৱা ৬ বজাৰ পৰা। সেয়ে, দুপৰীয়া আৰু মাজনিশা ঘড়ীৰ কাঁটা ছয় বজাৰ ঘৰত। গতিকে কোনোবাই যদি আদিছ আবাবাত পুৱা ১০ বজাত কফি খাবলৈ মাতিলে বিয়লি ৪ বজাত দেখা দিয়ে তেন্তে আচৰিত হ’বলগীয়া নাই।

বিশেষজ্ঞসকলৰ মতে ইথিওপিয়াৰ কেলেণ্ডাৰ কেৱল সময় গণনাৰ পদ্ধতিয়েই নহয়, ই দেশখনৰ ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক পৰিচয় আৰু ঐতিহাসিক গৌৰৱৰ প্ৰতীক। আন দিশবোৰত আফ্ৰিকান দেশখনে আধুনিক পৃথিৱীৰ লগত খাপ খুৱাই চলিলেও নিজৰ ‘সময়’ৰ পৰম্পৰা এইদৰেই ৰক্ষা কৰি আহিছে।

Related News