NORTHEAST NOW (Assamese)

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

July 4, 2025 9:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 4, 2025 9:04 pm

জনপ্ৰতিনিধিৰ নিচুকনিতকৈ নিজৰ আত্মসন্মানক আগস্থান দিলে কৃষক কন্যা গুণগুণে। লখিমপুৰৰ খেতিয়ক গুণগুণ চেতিয়া আৰু তেওঁৰ পৰিয়ালে ঘূৰাই পঠিয়ালে স্থানীয় বিধায়ক মানৱ ডেকাই প্ৰেৰণ কৰা কঠীয়া।

উল্লেখ্য যে, কালি তথা বৃহস্পতিবাৰে লখিমপুৰ জিলা প্ৰশাসনৰ অতপালিত নষ্ট হৈছিল পৰিয়ালটোৰ কঠীয়া।

কালি কঠীয়া নষ্ট কৰাৰ পাছত আজি বিধায়ক মানৱ ডেকাই পঠিওৱা কঠীয়া গ্ৰহণ নকৰিলে কৃষক পৰিয়ালটোৱে। খেতিৰ উপযোগী কঠীয়াৰ সঁচ নাপাই প্ৰত্যাখ্যান কৰিলে কঠীয়া।

শুকুৰবাৰে গুণগুণ চেতিয়াই কয়, ‘‘চৰকাৰে দিয়া কঠীয়া এতিয়া আমি লব নোৱাৰোঁ। কঠীয়াখিনি চাপৰ, এবেগেত ওখ। এডোখৰত পানী নাই, এডোখৰত পানী বেছি হৈ আছে। আমি তেনে সঁচৰ কঠীয়া পূৰ্বে ৰুয়ো পোৱা নাই।’’

লগতে গুণগুণে কয় যে, ‘‘এই কঠীয়াখিনি আমি ৰুব নোৱাৰো। তাতকৈ এইখিনি কঠীয়া চৰকাৰে বানপীড়িত লোকক দিবগৈ পাৰিব।’’

Related News