NORTHEAST NOW (Assamese)

২০ সৈনিকৰ মৃত্যুত চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন সেনা বিষয়াসকলে

June 18, 2020 1:10 pm · এন ই নাও নিউজ
Updated: June 18, 2020 1:25 pm
প্ৰতিকী ছবি

যোৱা আঢ়ৈ দশক ধৰি ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত গুলীচালনাৰ ঘটনা সংঘটিত হোৱা নাছিল।

পিছে কিয়?

দুই দেশৰ মাজৰ চু্ক্তি অনুসৰি নিয়্ন্ত্ৰণ ৰেখাৰ দুই কিলোমিটাৰ পৰ্যন্ত দুই দেশৰ সেনাই গুলীচালনা কৰাৰ লগতে বিস্ফোৰণ আদি ঘটাব নোৱাৰে।

কিন্তু সোমবাৰে নিশা কাঁটা তাঁৰ সংলগ্ন লাঠি, ৰ’ড আৰু পাথৰেৰে চীনা সৈন্যই ভাৰতীয় সৈন্যৰ ওপৰত আক্ৰমণ কৰাৰ পিছত এই নিয়ম সংশোধনৰ চিন্তা চৰ্চা কৰিছে নেকি প্ৰতিৰক্ষা মন্ত্ৰালয়ে!

ভাৰতৰ প্ৰাক্তন সেনা বিষয়াসকলেও এই দিশটো পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ক।

ইফালে সেনা বাহিনীৰ সূত্ৰই কৈছে, “হতাহতি আগতেও হৈছে। বিগত কেবাবছৰে চীন সেনাই পাথৰ দলিৱাও দেখা গৈছিল। কিন্তু লোৰ ৰ’ড আৰু কাঁটা তাঁৰ সংলগ্ন লাঠিৰে আক্ৰমণ কৰাতো অতি ভয়ংকৰ। তাকো ভাৰতৰ এলেকাত সোমাই। এইবোৰ সহ্য কৰি থাকিব নোৱাৰি।”

এই আক্ৰমণত ২০ গৰাকী ভাৰতীয় সৈনিক মৃত্যু হোৱাৰ পিছতে সেনা বাহিনীৰ শীৰ্ষ মহলত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হোৱা পৰিলক্ষিত হৈছে।

ইফালে এই বিষয়টোক লৈ প্ৰাক্তন সেনা বিষয়াসকলে মোদী চৰকাৰৰ লগতে সেনাবাহিনীৰ শীৰ্ষ মহলকো সমালোচনা কৰা দেখা গৈছে।

তেওঁলোকৰ মতে চীনে সীমান্তত অভূতপূৰ্ব হাৰত সেনা মোতায়েন কৰাৰ কথা ভাৰতীয় সেনাই মোদী চৰকাৰক অৱগত কৰাৰ পিছতো চৰকাৰে চৰকাৰীভাৱে মানি লোৱা নাছিল।

প্ৰাক্তন সেনা বিষয়াসকলে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটকো সমালোচনা কৰি কৈছে যে নতুন চিফ অৱ ডিফেন্স ষ্টাফৰ কাম হ’ল পৰিস্থিতি পৰ্যালোচনা কৰি ৰাজনৈতিক নেতৃত্বক অৱগত কৰোৱা।

এই ক্ষেত্ৰত সেনাবাহিনীৰ শীৰ্ষ মহল আৰু চৰকাৰৰ মাজত কিবা ফাঁক ৰৈ গ’ল নেকি? যাৰ বাবে সীমান্তত কাঁটা তাঁৰ সংলগ্ন লাঠি আৰু ৰ’ডৰ আক্ৰমণত দেশৰ ২০ গৰাকীকৈ সেনা নিহত হ’ল।

চৰকাৰৰ ঘনিষ্ঠৰূপে পৰিচিত অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে প্ৰশ্ন কৰে, “সেনাৰ হাতত অস্ত্ৰ, গোলা-বাৰুদ দিয়া হৈছে কিয়? লাঠি-পাথৰেৰে যুদ্ধ কৰিবলৈ বছৰি প্ৰতিৰক্ষাৰ শিতানত ৭১০০ কোটি ড’লাৰ খৰচ কৰা হয় নেকি?”

উল্লেখ্য যে, ১৭ হাজাৰ ফুট উচ্চতাৰ চাইয়োক আৰু গালৱান নদীৰ সংগম স্থলীত ৰাতি চীনা সৈন্যৰ ৰ’ড, পাথৰ আৰু কাঁটা তাঁৰ সংলগ্ন লাঠিৰ আক্ৰমণত আহত নিৰস্ত্ৰ ভাৰতীয় সেনাসকল পুৱালৈকে ঠাণ্ডাত ৰক্তাক্ত অৱস্থাত পৰি থকাৰ ফলত হাইথোপৰ্মিয়াত মৃত্যু ঘটিছিল।

Related News