NORTHEAST NOW (Assamese)
অসম

‘নিজৰ ঘৰ’ কংগ্ৰেছলৈ উভতি বাইদেৱে ক’লে, ‘সভাপতি ডাঙৰীয়া প্ৰাৰ্থী বাছনি কৰোতে ভুল নকৰিব’

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 5, 2018 7:46 pm
Amiya Gogoi

খং-অভিমানত ঘৰৰ পৰা ওলাই গৈছিল বাইদেউ। যোৱা আঢ়ৈটা বছৰ তেওঁ ঘৰলৈ অহা নাছিল। অৱশেষত বাইদেউৰ অভিমান কমিল। আজি উভতি আহিছে।

বাইদেউগৰাকী আন কোনো নহয়, দুলীয়াজান সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা অমিয়া গগৈ। বাইদেৱে আজি নিজৰ আপোন দল কংগ্ৰেছলৈ পুনৰ উভতি আহিল।

দলৰ নেতৃত্বৰ ওপৰত ক্ষুভিত হৈ বাইদেৱে যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ ত্যাগ কৰিছিল। কংগ্ৰেছ এৰি ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত তেওঁ নিৰ্দলীয় হিচাপে দুলীয়াজান সমষ্টিৰ পৰা অৱতীৰ্ণও হৈছিল। পিছে জিকিব নোৱাৰিলে।

আজি খং-অভিমান সকলো এৰি অমিয়া গগৈয়ে তেওঁৰ প্ৰাণৰ আপোন কংগ্ৰেছ দলত পুনৰ যোগ দিলে। ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱত আৰু সভাপতি ৰিপুণ বৰায়ো ফুলাম গামোচা পিন্ধাই তেওঁক আদৰিলে।

Nayan Nirban
অভিনেতা নয়ন নিৰ্বাণে আজি কংগ্ৰেছ দলত যোগ দিয়ে। ৫ নৱেম্বৰত ৰাজীৱ ভৱনত। ফটো : য়ু বি।

এৰি থৈ যোৱা দলটোত পুনৰ যোগদান কৰি উৎফুল্ল দেখা গ’ল অমিয়া গগৈক। যোগদান অনুষ্ঠানত দিয়া ভাষণত তেওঁ কৈয়েই পেলালে, “মই কংগ্ৰেছীয়েই হয়। কংগ্ৰেছী আদৰ্শ মই এৰা নাই। মোৰ নিজৰ ঘৰখনলৈ আজি পুনৰ ঘূৰি আহিলো।”

ভাষণত কোনো লুক-ঢাক নাই। যোৱা নিৰ্বাচনত টিকট নোপোৱা বাবেই যে দল এৰিছিল সেই কথা খোলা-খুলিকৈয়ে কৈ দিলে। লগতে প্ৰকাশ কৰিলে সেই সময়ত দলৰ নেতৃত্বৰ প্ৰতি জন্মা ক্ষোভৰ কথা।

“নিৰ্বাচনৰ আগমুহূৰ্তলৈ কাম কৰি টিকট নোপোৱাটো দুখৰ কথা”, ব্যক্ত কৰিলে বাইদেৱে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈ দুলীয়াজানৰ বিধায়িকা হৈ আছিল। তেওঁ অসম গেছ কোম্পানীৰো অধ্যক্ষা হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল।

অৱশ্যে খং-অভিমান কমিলেও একেবাৰে নোহোৱা হোৱা নাই অমিয়া গগৈ বাইদেউৰ। গতিকে সভাপতি ৰিপুণ বৰাক সকীয়াই দি কয়, “সভাপতি ডাঙৰীয়া, প্ৰাৰ্থী বাছনি কৰোতে ভুল নকৰিব।”

অভিনেতা নয়ন নিৰ্বাণৰো কংগ্ৰেছত যোগদান

ইপিনে, অমিয়া গগৈৰ উপৰি আজি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিলে জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই। সাংস্কৃতিক ক্ষেত্ৰখনত থকাৰ উপৰি ৰাজনীতিৰ লগত জড়িত হৈ ৰাইজৰ সেৱা কৰাৰ মন বটদ্ৰৱা সমষ্টিৰ স্থায়ী বাসিন্দা অভিনেতা নয়ন নিৰ্বাণৰ।

মন কৰিব লগীয়া যে এই সমষ্টিত বিজেপিয়েও এগৰাকী অভিনেত্ৰী আঙুৰলতা ডেকাক প্ৰাৰ্থিত্ব দি জিকাই আনিছে যোৱা বিধানসভাৰ নিৰ্বাচনত। সাধাৰণ মানুহে এতিয়া আলোচনা কৰা কথাটো হ’ল- সমষ্টিটোত ভোটাৰৰ পচন্দলৈ চাই অহাবাৰ কংগ্ৰেছেও পচন্দৰ প্ৰাৰ্থী আগ বঢ়োৱাৰ বিকল্প পালে নেকি?