NORTHEAST NOW (Assamese)
অসম

অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি যুঁজি যাম, জিনি যাম : ঐক্য সেনা অসম

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 28, 2018 4:42 pm
Aikya Sena

“অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি ঐক্য সেনা অসমে যুঁজি যাম জিনি যাম।” এই মন্তব্য কৰিছে ঐক্য সেনা অসমৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামে। শিৱসাগৰৰ নামতি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত সংগঠনটোৰ এখন ৰাজহুৱা সভাত মুখ্য সম্পাদকজনে এইদৰে মন্তব্য কৰে।

শ্বহিদুল ইছলামে লগতে সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেবক কঠোৰ সকীয়নি দিয়ে। তেওঁ বিধায়কজনৰ বিৰুদ্ধে শীঘ্ৰেই মুখ্য মন্ৰীক ব্যবস্থা গ্ৰহণৰ দাবী জনায়।

“অন্যথা অসমৰ ৰাইজে শিলাদিত্যক পিটিব।” এইদৰে কয় শ্বহিদুল ইছলামে। পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক প্ৰতিভা নাথ, উপদেষ্টা মনোৰঞ্জন বৰা, উপ সভানেত্ৰী অনিতা ভূঞা, সম্পাদক ৰূপম সোণোৱাল উপস্থিত থাকে।

বিশিষ্ট শিক্ষাবিদ চৈয়দ আব্দুল ৰহমানে সভাপতিত্ব কৰা উক্ত সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী তোলা হয়। ইয়াৰ উপৰি মুখ্য মন্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোবাৰে, তেওঁ দিল্লীৰ শ্ৰুতলিপিত কাম কৰা বুলি অভিযোগ কৰে। অসমৰ ৰাইজৰ ওপৰত এটাৰ পিছত এটা বোজা জাপি দি অসমীয়া ৰাইজক পণবন্দী কৰি নিশ্চিত মৃত্যুৰ পথলৈ ঠেলি দিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে।

সভাত নেশ্যনেল ব’ডি বিল্ডিং ফিটনেছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা মুনমী বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰ জিলাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলাৰ সভাপতি বাবলু বেনেট মুখ্য সম্পাদক জাকিৰ হুছেইন, সাধাৰণ সম্পাদক ৰাজীৱ গগৈ উপস্থিত থাকে।

সভাত ইব্ৰাহিম আলীক সভাপতি, লাচিত দত্তক কাৰ্য্যকৰী সভাপতি, ৱাকিল আলীক সাধাৰণ সম্পাদক আৰু গোলাপ জান আলীক মুখ্য সম্পাদক হিচাবে লৈ ৫১জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়।