NORTHEAST NOW (Assamese)

৫,২৩২ টা হত্যাৰ গোচৰত অভিযুক্ত হিটলাৰৰ অনুচৰ ব্ৰুন’ ডেক পুনৰ কাৰাদণ্ড

July 25, 2020 5:33 pm · এন ই নাও নিউজ
Updated: July 25, 2020 5:36 pm

মানুহ জনৰ নাম ব্ৰুন’ ডে।

তেওঁৰ বিৰুদ্ধে আছে ৫,২৩২ টা হত্যা কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

তেনে অভিযোগত তেওঁক ইতিমধ্যে বহু বাৰ  কাৰাদণ্ডও বিহা হৈছে।

জাৰ্মানীৰ কুখ্যাত নাজী বাহিনীৰ এজন সহায়কাৰী হিচাবে থকা ব্ৰুন’ই হত্যা কৰিছিল পাঁচ সহস্ৰাধিক লোকক।

হত্যাৰ বলি হোৱা লোক সকল আছিল ইহুদী লোক। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তেতিয়াৰ পোলেণ্ডৰ ষ্টাটফ কনচেনষ্ট্ৰেছন কেম্পত হাজাৰ হাজাৰ ইহুদী লোকক গুলীয়াই অথবা বিষাক্ত গেছ প্ৰয়োগ কৰি হত্যা কৰিছিল নাজী বাহিনীয়ে।

সেই সময়ত ব্ৰুন’ৰ বয়স আছিল ১৭-১৮ বছৰ।

নাজী বাহিনীৰ এছ এছ গাৰ্ডৰ সদস্য হিচাবে ভৰ্তি হৈছিল ব্ৰুন’।কনচেনষ্ট্ৰেছন কেম্পত ইহুদী লোকক হত্যা কৰাত ব্ৰুন’ই লৈছিল আগভাগ।

জীৱনৰ বিয়লি বেলাত ব্ৰুন’ই তেওঁ কৰা পাপৰ বাবে মৃত ইহুদী লোক সকলৰ বৰ্তমানে জীৱিত আত্মীয়ৰ ওচৰত ক্ষমা বিচাৰিছিল।

হিটলাৰ নেতৃত্বাধীন নাজী বাহিনীৰ অত্যাচাৰৰ কলংকিত অধ্যায়ৰ অংশীদাৰ ব্ৰুন’ ডেক আজি পুনৰ হামবাৰ্গৰ এখন আদালতে দুবছৰৰ কাৰাদন্ড বিহে।

বহু লোকৰ জীৱন কাঢ়ি নিয়া ব্ৰুন’ ডেৰ বৰ্তমান বয়স ৯৩ বছৰ।হামবাৰ্গত ব্ৰুন’ কাৰাদন্ডৰ বাতৰি শুনাৰ পিছতে আনন্দ প্ৰকাশ কৰিছে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নাজীৰ হাতত মৃত্যু ঘটা ইহুদী লোক সকলৰ বৰ্তমানৰ জীৱিত আত্মীয় সকলে।

Related News