NORTHEAST NOW (Assamese)

হাবিৰ মাজত থকা চুলাই মদৰ ঘাটি উৎখাত আবকাৰী বিভাগৰ

September 12, 2019 10:14 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

আজি শিৱসাগৰ সদৰ আবকাৰী বিভাগে ডিমৌ আৰক্ষীৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।

শিৱসাগৰ আবকাৰী পৰিদৰ্শক অৰুণজ্যোতি ভৰালী আৰু ডিমৌ থানৰ ভাৰপ্ৰাপ্ত বিষয়া চি শ্যামৰ নেতৃত্বত আবকাৰী বিভাগ আৰু আৰক্ষীৰ এটা দলে ডিমৌ ৰাজহ চক্ৰৰ অধীনৰ ধ্যান গাঁও, কছাৰীপথাৰ, ধ্যান গেলাদৈ, পালেঙ্গী ১০ নং লাইন আদি অঞ্চলত অভিযান চলায় প্ৰায় ৫০০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰি দিয়ে।

সুৰাৰ অবৈধ বেহা চলাই থকা ব্যৱসায়ী সকলে হাবিৰ মাজত, ঘৰৰ বাৰীত গাত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অবৈধ চুলাই মদখিনি।

উল্লেখ্য যে জিলাখনত সময়ে সময়ে মদৰ ঘাটিত অভিযান চলোৱাৰ লগতে লালি গুড়ৰ গুদামতো তালাচী চলায় জব্দ কৰিছিল বৃহৎ পৰিমাণৰ লালি গুড়।

কিন্তু দৈনিক নতুন নতুন স্থানত চুলাই মদ প্ৰস্তুতৰ ঘাটি স্থাপন কৰি এচাম অসাধু ব্যৱসায়ীয়ে চলাই আহিছে অবৈধ চুলাই মদৰ ব্যৱসায়।

আবকাৰী বিভাগ আৰু আৰক্ষীক নিয়মীয়াকৈ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই দোষীক শাস্তি বিহিবলৈ আহ্বান জনাছে ডিমৌবাসীয়ে।

Related News