NORTHEAST NOW (Assamese)
অসম

কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত 

Posted by: প্রণৱ কুমাৰ ডেকা Updated by: প্রণৱ কুমাৰ ডেকা August 2, 2021 3:13 pm
koch-rajbanshi-sangram-samiti

বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত চিলাৰায় ভৱনত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সভাত জনজাতিকৰণৰ সমস্যাটো সমাধানৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক স্মাৰক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে সভাই অহা অক্টোৱৰ মাহত কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটীত বুদ্ধিজীৱি আৰু সচেতন ব্যক্তিসকলকলৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে ৷

আনহাতে অহা নবেম্বৰ মাহৰ ভিতৰত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এটা সঁজাতি দলে নতুন দিল্লীলৈ গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ,গৃমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷

সভাই সদ্যগঠিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ন্যায়ালয়ৰ সমস্যাটো অতি সোনকালে সমাধান কৰাৰ বাবে অসম চৰকাৰক দাবী জনায় বুলি  সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক দুলাল চন্দ্ৰ ৰায়ে উল্লেখ কৰিছে ৷