NORTHEAST NOW (Assamese)
অসম

শিথিল হ’ব সান্ধ্য আইন, ১৬ আগষ্টৰ পৰা খুলিব আন্ত:জিলা যাতায়ত; আৰু কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2021 2:41 pm
Himanta-Biswa-Sarma-5-750x375-1

আজি প্ৰকাশ পাবলগীয়া নতুন কোভিড এছঅ’পিৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে।

ৰাজ্যৰ সকলো জিলাতে সান্ধ্য আইন শিথিল কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ জানিবলৈ দিয়া মতে লখিমপুৰ আৰু গোলাঘাট জিলাত ১ বজালৈকে খোলা থাকিব দোকান-পোহাৰ।

জিলা দুখনত বিয়লি ২বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি থাকিব।

আনহাতে, বাকী জিলাসমূহত বিয়লি ৪ বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ। কিন্তু বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে অহা ৭ আগষ্টৰ পৰা বিয়লি ৬ বজালৈকে জিলা মুকলি কৰি দিয়াৰ চিন্তা কৰা হৈছে।

তেওঁ আগন্তুক ৭ দিনৰ বাবে ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ কথাও জানিবলৈ দিয়ে।

ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে অহা ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হ’ব বুলিও সদৰী কৰে।

তদুপৰি, পৰিস্থিতি উন্নত হৈ থাকিলে দশম আৰু দ্বাদশ শ্ৰেণী, স্নাতক চূড়ান্ত শ্ৰেণী, স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান অহা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।