NORTHEAST NOW (Assamese)
অসম

হাজোৰ ভেলামাৰীত গুৱাহাটীৰ নিখোজ গৰু চোৰক বিচাৰি ক’লাজল নৈত SDRF বাহিনীৰ অভিযান

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা August 2, 2021 2:37 pm
kka

শুকুৰবাৰে নিশা হাজোৰ ভেলামাৰীত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ।

নিশা ভেলামাৰীৰ স্থানীয় ৰাইজে কৰায়ক্ত কৰিছিল গৰু কঢ়িয়াই এখন চাৰিচকীয়া বাহন।

লগতে বাখন খনত উদ্ধাৰ হৈছিল এটা গৰু। ৰাইজে আটক কৰিছিল গুৱাহাটী চান্দমাৰীৰ বিতোপন বৰা নামৰ এটা গৰু চোৰক যদিও চেগ বুজি বাহনখনৰ পৰা পলায়ন কৰিছিল আন দুটা চোৰে।

শুকুৰবাৰে নিশা সংঘটিত এই ঘটনাৰ পাছতে এতিয়া হাজোৰ ভেলামাৰীৰ কলাজল নৈত নিখোজ চোৰক বিচাৰি SDRF বাহিনীয়ে আজি এনেদৰে চলালে অভিযান।

মহানগৰীৰ বামুনীমৈদামৰ গণেশনগৰৰ ৰিতুমণি আহমেদ নামৰ নিখোজ চোৰটোৰ পৰিয়ালৰ লোকৰ সন্দেহ শুকুৰবাৰে নিশা ৰাইজৰ ৰোষৰ পৰা পলাই ক’লাজল নৈত জপিয়াইছিল ৰিতুমণি আৰু হাজোৰ বৰ্ণিৰ ৰাজা নামৰ এটা চোৰে।

ৰিতুমণিৰ আহমেদৰ পৰিয়ালৰ সন্দেহ মৰ্মেই আজি স্থানীয় ৰাইজৰ সহযোগত SDRF বাহিনীয়ে ক’লাজল নৈত অব্যাহত ৰাখিছে অভিযান।