NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰেছ ক্লাবত নিতুপৰ্ণ ৰাজবংশীৰ ডিজিটেল কাৰ্টুন প্ৰদৰ্শনী

Posted by: এন ই নাও নিউজ November 27, 2018 10:48 pm
Nituparna Rajbongshi

গুৱাহাটী প্ৰেছ ক্লাবত আজি ৰাজ্যৰ অগ্ৰণী তথা সক্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ নিৰ্বাচিত কাৰ্টুনৰ এক ডিজিটেল প্ৰদৰ্শনী আৰু মত-বিনিময়ৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা এঘণ্টা জোৰা এই কাৰ্য্যসূচীত প্ৰেছ ক্লাবৰ সদস্য শ্ৰী ৰাজবংশীয়ে নিজৰ ৬০ৰো অধিক নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে বিগত প্ৰায় ২০ বছৰ ধৰি কাৰ্টুনৰ চৰ্চা চলাই অহা ৰাজবংশীয়ে অনুষ্ঠানত তেওঁৰ কাৰ্টুনসমূহৰ সম্পৰ্কে চমূকৈ আলোচনাও কৰে।

ৰাজ্য তথা দেশৰ বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, পাৰিৱেশিক বিষয়ক লৈ সামাজিক মাধ্যম, কাকত-আলোচনী, ৱেবচাইট আদিত প্ৰকাশিত এই কাৰ্টুনসমূহৰ সৃষ্টিৰ আঁৰৰ পটভূমি, কলা-কৌশল আদি সম্পৰ্কে ৰাজবংশীয়ে উপস্থিত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে।

আনহাতে অনুষ্ঠানটোৰ আঁত ধৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক শ্ৰী নৱ ঠাকুৰীয়াই গুৱাহাটী প্ৰেছ ক্লাব শেহতীয়াকৈ ক্লাবৰ সদস্যসকলৰ সৃজনীশীল কৰ্মৰাজিক নিয়মীয়াকৈ প্ৰেছ ক্লাবত প্ৰদৰ্শন কৰিবলৈ লোৱাৰ পদক্ষেপ সম্পৰ্কে উল্লেখ কৰে।