NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাৰ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম’ মন্তব্যৰ অধিকাৰক লৈ প্ৰশ্ন

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 27, 2018 10:34 pm
Himanta biswa sarma

আলফা(স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱা মূল সুঁতিলৈ ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম বুলি মন্ত্ৰী হিমন্তই যি মন্তব্য কৰিছিল, তাক বিশেষাধিকাৰ ভংগৰ সমাৰ্থক বুলি অভিযোগ কৰিছে তৃণমূল কংগ্ৰেছৰ দুজন সাংসদে। কেৱল সেয়ে নহয়, হিমন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিব বুলি সাংসদদ্বয়ে জেপিচিৰ বৈঠকৰ সময়ত মন্তব্য কৰে।

আনহাতে কেন্দ্ৰীয় চৰকাৰে অনা এখন বিধেয়ক বাতিল কৰিম বুলি ক’ব পৰাকৈ হিমন্তই ক্ষমতা ক’ত পালে বুলি প্ৰশ্ন তুলিছে অন্যান্য কিছু পক্ষয়ো। তাৰোপৰি বিধেয়কখন সন্দৰ্ভত সকলো দিশ চালি-জাৰি চাবলৈ চৰকাৰে উভয় সদনৰ সাংসদেৰে এখন যুটীয়া সংসদীয় সমিতি গঠন কৰি দিছে আৰু এই সমিতিয়ে এতিয়াও দিশবোৰ চালি-জাৰি চাইহে আছে।

গতিকে বিধেয়কখনক লৈ তুলুঙা মন্তব্য কৰা আৰু বিধেয়কখন অনা-ননাৰ কৰ্তৃত্ব প্ৰকাশক মন্তব্যই মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতিৰ ভিতৰচ’ৰাত ক্ষোভৰ উৎগিৰণ ঘটাইছে।

জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা জেপিচিৰ সদস্য অধ্যাপক সৌগত ৰয় আৰু ডেৰেক অ’ বীৰেনে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ আজি নতুন দিল্লীত অনুষ্ঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠকতো অসন্তুষ্টি প্ৰকাশ কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন অভিজ্ঞ ৰাজনৈতিক নেতাই অনধিকাৰভাৱে এই বিধেয়কখন বাতিল কৰিব বুলি উদ্ভট মন্তব্য কৰা বুলি তেওঁলোকে অভিযোগ কৰে।

মই ৰাজনীতিৰ মানুহ, মন্তব্য কৰিমেই : হিমন্ত

ইপিনে তৃণমূল কংগ্ৰেছৰ সাংসদদ্বয়ৰ মন্তব্যৰ পিছতে মন্ত্ৰী হিমন্তই প্ৰতিক্ৰিয়া কৰি কয়, “মই ৰাজনীতিৰ মানুহ, ৰাজনৈতিক মন্তব্য কৰিমেই।”

আনহাতে জেপিচি সন্দৰ্ভত মন্ত্রীজনে কয়- “যুটীয়া সংসদীয় কমিটীৰ সৈতে চৰকাৰ জড়িত নহয়। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যেতিয়ালৈ জেপিচিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়ালৈ চৰকাৰী পৰ্যায়ত ইয়াৰ আলোচনা নহয়।”