NORTHEAST NOW (Assamese)

যুদ্ধৰ খবৰ! ভয়াবহ বিস্ফোৰণত কঁপি উঠিল ৰাছিয়াৰ দখলত থকা লুহানস্ক চহৰ

May 13, 2023 11:39 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

ইউক্ৰেইনৰ পূব দিশৰ লুহানস্ক চহৰত প্ৰবল বিস্ফোৰণত কঁপি উঠিল। ৰাছিয়াৰ দখলত থকা এই চহৰখন বৰ্তমান মস্কোৰ “বিশেষ সামৰিক অভিযান”ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। স্থানীয় বিষয়াসকলে এই বিস্ফোৰণৰ তথ্য নিশ্চিত কৰিছে। অৱশ্যে লুহানস্কত সংঘটিত হোৱা এই আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনে কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক: কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ!

স্বঘোষিত লুহানস্ক পিপলছ ৰিপাব্লিকৰ মুৰব্বী লিঅ’নিড পাচেচনিকে এই আক্ৰমণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰে। তেওঁৰ মতে, কিয়েভৰ সন্ত্ৰাসবাদী চৰকাৰে সাধাৰণ নাগৰিকক ভয় খুৱাবলৈ কৰা এয়া আন এক প্ৰচেষ্টা।

লিঅ’নিডে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে সকলো জৰুৰীকালীন সেৱা সেই স্থানতে আছে। তাৰ পৰিস্থিতিৰ মূল্যায়ন আৰু ভুক্তভোগীসকলৰ তালিকা প্ৰস্তুত কৰা হৈছে।

লগতে পঢ়ক:আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰত শ্বাহৰুখৰ পৰা ২৫ কোটি টকা দাবী; চিবিআইৰ জালত সমীৰ ৱাংখেড়ে

এল পি আৰৰ সমন্বয়ক সমিতিয়ে টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰা অনুসৰি চহৰখনৰ ঔদ্যোগিক অঞ্চলত দুটা ক্ষেপণাস্ত্ৰই আঘাত হানে। তেওঁলোকে দাবী কৰে যে এইবোৰ ইউক্ৰেইনৰ দ্বাৰা নিৰ্মিত “গ্ৰোম” মিছাইল।

লুহানস্কক আঘাত কৰিবলৈ সক্ষম এই গ্ৰোম বেলিষ্টিক মিছাইল। ইয়াৰ আগতেও চলি থকা যুদ্ধত ইয়াক ব্যৱহাৰ কৰা হৈছে। কিন্তু স্থানীয় কৰ্তৃপক্ষই নতুন দাবীৰ সৈতে কোনো প্ৰমাণ প্ৰদান কৰা নাই।

ৰাছিয়াৰ দখলত থকা চহৰখনত ইয়াৰ আগতে অতি কমেইহে আক্ৰমণ কৰা হৈছিল। কিয়নো এই অঞ্চলটো ইউক্ৰেইনৰ দীৰ্ঘ দূৰত্বৰ ৰকেট আৰু হিমাৰ্ছৰ দৰে মিছাইল ব্যৱস্থাৰ পৰিসৰৰ বাহিৰত।

লুহানস্কৰ এজন প্ৰাক্তন বিষয়াৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ১৫০ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে।

Related News