NORTHEAST NOW (Assamese)

সীমান্তত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে আজি মস্কোত মিলিত হ’ব চীন আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীদ্বয়

September 10, 2020 4:43 pm · এন ই নাও নিউজ
Updated: September 10, 2020 4:44 pm

ভাৰত-চীন সীমান্তত দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ সময়তে আজি ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে চীনা বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে মস্কোত আলোচনাত মিলিত হ’ব।

দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীদ্বয়ৰ এই বৈঠকৰ মূল উদ্দেশ্য হ’ব সীমান্ত অঞ্চলৰ উত্তেজনা হ্ৰাস কৰা।

উল্লেখযোগ্য যে, দিল্লী আৰু বেইজিঙৰ মাজত চলি থকা উত্তপ্ত পৰিস্থিতি হ্ৰাস কৰাৰ ক্ষেত্ৰত মস্কোই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজতে মস্কোত বৈঠক অনুষ্ঠিত হৈছিল।

আনহাতে, লাডাখত বিগত মে’ মাহৰ পৰা অব্যাহত থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ পাছত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বৈঠকত অংশগ্ৰহণ কৰিব।

বিগত ১৭ জুনত বৈদেশিক মন্ত্ৰী জয়শংকৰে টেলিফোনযোগে চীনা বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিছিল।

বিজেপিৰ আন এগৰাকী জেষ্ঠ নেতা সুব্ৰমনিয়ম স্বামীয়ে ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰীদ্বয়ৰ মাজৰ এই আলোনাৰ বিৰোধিতা কৰি এই আলোচনাই ভাৰতৰ স্থিতিক দুৰ্বল প্ৰতিপন্ন কৰিব বুলি উল্লেখ কৰিছিল।

Related News