NORTHEAST NOW (Assamese)

সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমাত কালিমা সানিলে একাংশ নেতাই; ভাইৰেল টেলিফোনিক বাৰ্তালাপ ||Video||

November 14, 2019 10:35 pm · কল্পজ্যোতি শইকীয়া

৬ বছৰীয়া অসম আন্দোলনৰে সমগ্ৰ ভাৰত তথা বিশ্ব কঁপাবলৈ সক্ষম হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমা ম্লান কৰাত উঠি পৰি লাগিছে সংগঠনটোৰ একাংশ নেতা- পালিনেতা। ভাৰতৰ ভিতৰতে বিখ্যাত আঞ্চলিকতাবাদী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাক কালিমা সনাৰ চেষ্টা কৰাৰ কথা পোহৰলৈ আহিছে।

এইবাৰ আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিক সাধাৰণ সম্পাদক চম্পক বৰাৰ বিৰুদ্ধে উঠিছে ধন দাবী কৰাৰ অভিযোগ।

নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ ফকৰুদ্দিন আলি আহমেদ ফাণ্ডৰ ঠিকাদাৰ চাহানুৰ আহমেদে আনিছে এই গুৰুতৰ অভিযোগ। ভূপেন হাজৰিকাৰ মৃত্যু তিথি উদযাপনৰ বাবে ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰিন্স দলেৰ বিৰুদ্ধে। আনহাতে, ৰাজু ফুকনেও ২ লাখ টকা দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে গোলাঘাট সদৰ থানাত চাহানুৰে প্ৰিন্স দলে আৰু চম্পক বৰাৰ বিৰুদ্ধে যোৱা ৪ নৱেম্বৰৰ দিনা মেইলযোগে এজাহাৰ দাখিল কৰিছিল। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে যোৱা ১১ নবেম্বৰৰ দিনা ভাৰতীয় দণ্ডবিধিৰ ৩৮৫ ধাৰাত গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, এই গোচৰটো উঠাই ল’বলৈ কালি কেইজনমান অচিনাকি যুৱকে চাহানুৰক ভাবুকি দিয়া বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত কয়।

‘মোক কালি দিনৰ ভাগতে ১০-১২ জন মান অচিনাকি যুৱকে আহি কেচটো উঠাই ল’বলৈ ভাবুকি দিছে। মই থকা নুমলীগড় ৰেষ্ট হাউচত যোৱা ১১ নৱেম্বৰৰ দিনা দুজন যুৱকে আহি ৰিচিপশ্যনত মোৰ ফটো দেখুৱাই মই কোনটো কোঠাত থাকো আৰু কিমান সময়ত আহো শুধিছিলহি,‘-চাহানুহৰৰ গুৰুতৰ অভিযোগ ।

আমাৰ হাতত আহি পৰিছে চাহানুৰৰ লগত প্ৰিন্স দলে আৰু ৰাজু ফুকনৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ। ছ’চিয়েল মেডিয়াতো ভাইৰেল হৈ পৰিছে কঠোপ-কথনৰ অডিঅ’ ৰেকৰ্ডিং।

চাহানুৰ আৰু প্ৰিন্সৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত নিজকে প্ৰিন্স দলে বুলি পৰিচয় দিয়া এজন যুৱকে চাহানুৰক কয়, ‘আপোনালোকৰ মৰম চেনেহ লাগিছিল অলপ….. আমাৰ ৫ তাৰিখে ভূপেন দাৰ প্ৰগ্ৰেম আছিল। তাৰ আগত জোনাইৰ সাধাৰণ সভাত আমাক একো মৰম চৰম নকৰিলে।‘

‘মইতো কৈছো, মইটো দিমেই। বিলটো হোৱা নাই, হ’লে দি দিম বুলি কৈছো।‘ চাহানুৰে উত্তৰত কয়।

ইপিনৰ পৰা প্ৰিন্স বুলি পৰিচয় দিয়া যুৱকজনৰ ভাষ্য ‘বিলটোলৈ আমি নৰখো দাদা চাওঁক। আপোনালোকে বিল কৰে কিবা কৰে কৰি থাকিব, আমাৰ একো নাই। আপোনালোকক লগ পোৱাহেঁতেন বেছি ভাল আছিল। কোন আছে লগ পোৱাবলৈ।‘

আন এটা টেলিফোনিক ৰেকৰ্ডিঙত প্ৰিন্সে কয়, ‘আপোনালোকে চাই লওঁক, আমাৰ জিলা ছাত্ৰ সন্থাৰ ডিমাণ্ড এটা থাকে নহয়। আপোনালোকে কওঁক কিমান দিব? আমিতো ক’ব গ’লে বহুতেই বিচাৰিম।‘

তাৰ পাছত চাহানুৰে ঠিকাৰ কামটো ৫ কোটি টকাৰ বুলি কোৱাত প্ৰিন্সে ৫০ হাজাৰ মান দি দিব বুলি কয়।

‘এই মুহূৰ্তত আমাৰ কাম আৰম্ভ হোৱা নাই। এই মুহূৰ্তত কেনেকৈ দিব পাৰি?’ চাহানুৰে কয়।

প্ৰিন্স ‘কিবা এটা এডভান্স কৰাই দিব এতিয়া।‘

‘ৰাজু দা অল আছামৰ হয়। তেওঁৰ কথাটো মাজত নানিব। তেওঁৰ লেবেলটো বহুত ওপৰত। তেওঁৰ মিটিং-মাটাঙ বহুত কথা থাকে। তেওঁ নলবাৰীৰ পৰা ধুবুৰীলৈকে দৌৰে। তেওঁৰ কথাটো জিলাত নানিব।‘ প্ৰিন্সে লগতে কয়।

ৰাজু ফুকনৰ সৈতে হোৱা বাৰ্তালাপৰ কিয়দাংশ অ-সম্পাদিত ৰূপত :

চাহানুৰ: আপোনালোকৰ সাধাৰণ সম্পাদকে ফোন কৰিছিল, সি কৈ আছে জিলাৰ কাৰণে বেলেগ, কেন্দ্ৰৰ কাৰণে বেলেগ।

ৰাজু ফুকন: নহয়, এতিয়া মই কৈছো তাক

চাহানুৰ: বেলেগ সংগঠনৰ লগত মই ইমান ভাল নহয়, যিহেতু আপোনালোকৰ লগত এক দুই বছৰ নহয় বহু বছৰ ধৰি সংগঠনটোক ভাল পাই আহিছো। এতিয়া জিলাৰ কাৰণে ৫০ হাজাৰ…. তাৰ সৈতে কথা পাতিছো, ৫ লাখৰ কথা কৈছে,

ৰাজু: সেইটো মিলাই দিলে হ’ল আৰু কি কথা আছে?

চাহানুৰ: আমি ৫০০ কোটি হাজাৰ কোটি টকাৰ কাম পাইছো বেলেগ কথা। আমাৰ মোটা-মোটি ৫ কোটি টকাৰ কাম।

ৰাজু: বুজি পাইছো, চব গোলমোলাই কথাটো,,,,

চাহানুৰ: আপুনি যুক্তি হিচাপে কওঁক এটা এমাউন্ট,,,,,,

ৰাজু: ২ এটা কৰি দিলেই হ’ব আৰু

চাহানুৰ: ২ মানে একদম অসম্ভৱ কথা,,,,, মই অহা সপ্তাহত ২০ মান দিম আৰু পাছৰ সপ্তাহত ৩০ মান দিম… মুঠ ৫০ মান দিম।

ৰাজু: সেইটো আন এক্সপেক্টেড কথা…

চাহানুৰ: আমাৰো বহুত কথা থাকে…..

ৰাজু: মইটো আছুৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া,,,,

চাহানুৰ: ‘মই ডিব্ৰুগড়ত কাম কৰিছিলো,,,, সঞ্জীৱ দাই এক টকাও বিচৰা নাই।

ৰাজু: ‘সিটো কামো কৰে ন,,, আমিটো কাম নকৰো, আমি সংগঠন কৰো অকল। আমি দিনে ৰাতিয়ে সংগঠনেই কৰি থাকো। বঙাইগাওঁৰ পৰা শদিয়ালৈকে সকলোকে শুধিবা মোৰ কথা। ধুবুৰীৰ নিৰ্মাণ হঁতক শুধিলেই ক’ব ৰাজু ফুকন কেনেকুৱা?

চাহানুৰ: মই ৫০ মান দিম আৰু…..

ৰাজু: ‘নাই নাই, সেইটো হ’লে নালাগে দিয়া। সেইখিনি কথাৰ কাৰণেটো দিনে ৰাতিয়ে কামে কৰি আছো। তোমালোকে প্ৰফিট কৰিবলৈ আহা, আমাৰটো এনআৰএলত চকা এটাও চলি থকা নাই। টেটু ফালি ফালি ৰাস্তাত আমিয়ে চিঞৰিব লাগে ন।‘

ইপিনে, এই অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে আমি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়,  ‘মোক ফোন কৰি এজনে কৈছে কথাটো, মই এনকুৱেৰি কৰিহে ক’ব পাৰিম।‘

ইয়াৰোপৰি প্ৰিন্স দলেৰ সৈতে এই সমগ্ৰ ঘটনা অৱগত কৰি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, ‘আপুনি মোৰ ফোন নম্বৰ কেনেকৈ পালে? অলপ ৰ’ব, মই গাড়ী চলাই আছো, পিছত কথা পাতিম।‘

Related News