NORTHEAST NOW (Assamese)
দেশ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2025 1:57 pm

হাৰিয়ানাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰা পৰিল ভুৱা হৃদৰোগ বিশেষজ্ঞ। আন এজন হৃদৰোগ বিশেষজ্ঞৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে অভিযুক্তৰ ওপৰত যদিও তেওঁ এগৰাকী চিকিৎসক অৱশ্যে তেওঁ হৃদৰোগ বিশেষজ্ঞ নহয় বুলি আৰক্ষীয়ে নিশ্চিত কাৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ হৃদৰোগ বিশেষজ্ঞ পংকজমোহন শৰ্মা বুলি পৰিচয় দি ৰোগীৰ চিকিৎসা কৰি আহিছিল। কেৱল সেয়াই নহয়, তেওঁ ৫০টাতকৈও অধিক অস্ত্ৰোপচাৰো কৰিছিল বুলি জানিব পৰা গৈছে। হাৰিয়ানাৰ ফৰিদাবাদৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে পৰিবেশ উত্তপ্ত হৈ পৰে। জানিব পৰা মতে, ফৰিদাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত আঠ মাহ ধৰি তেওঁ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি অহিছে

শনিবাৰে এই  সমগ্ৰ ঘটনা পোহৰলৈ আহে। ভুৱা নামেৰে ৰোগীৰ চিকিৎসা কৰি থকা অভিযুক্তৰ বিষয়ে হৃদৰোগ বিশেষজ্ঞ পংকজমোহনৰ ওচৰলৈ গৈ এজন ৰোগীয়ে এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে চিকিৎসকগৰাকীৰ নামত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰ। চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত চিকিৎসকে অস্ত্ৰোপচাৰ কৰা বহু ৰোগীয়ে বিভিন্ন সমস্যাত ভুগি থকা বুলি জানিব পৰা গৈছে। কেইবাজনো ৰোগীৰো মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ফৰিদাবাদৰ চিকিৎসালয়খনে হৃদৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিছিল। অভিযুক্ত চিকিৎসকজনে নিজকে হৃদৰোগ বিশেষজ্ঞ বুলি পৰিচয় দিছিল। আৰক্ষীৰ মতে, ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অভিযুক্তই চিকিৎসালয়খনত ৰোগীৰ চিকিৎসা আগবঢ়াই আহিছে তেওঁৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত তেওঁ চিকিৎসালয়লৈ অহা বন্ধ কৰি দিছিল। ইয়াৰ পাছতে ডাঃ পংকজ মোহনে অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে আইনী জাননী প্রদান কৰাৰ লগতে ইণ্ডিয়ান মেডিকেল এছচিয়েশ্যনতো এজাহাৰ দাখিল কৰে৷