NORTHEAST NOW (Assamese)

যোৰাবাটত জব্দ ২৪ লাখ টকাৰ জাল নোট, ১ জনক গ্ৰেপ্তাৰ

June 17, 2023 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 17, 2023 9:01 pm

শনিবাৰে মৰিগাঁও জিলাৰ যোৰাবাটত  জালনোট সহ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত ব্যক্তিজনৰ নাম জিয়াউৰ ৰহমান। যোৰাবাটৰ আঠমাইল এলেকাৰ গণেশ মন্দিৰৰ সমীপত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

তথ্য অনুসৰি, ৰহমানৰ হাতৰ পৰা ২৪,৫০,০০০ টকা পৰিমাণৰ জাল নোট জব্দ কৰা হৈছে। জানিব পৰা মতে গোটেইখিনি ৫০০ টকাৰ জালনোট।

খবৰ অনুসৰি, লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ পৰা জাল নোটখিনি বিক্ৰী কৰিবলৈ যোৰাবাটত উপস্থিত হোৱাৰ পিছতে ৰহমান আৰক্ষীৰ জালত পৰে।

ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে জিয়াউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু, জালনোট আৰু নকল সোণৰ তদন্ত কৰিবলৈ দিল্লীৰ পৰা চিবিআইৰ দল অসমলৈ আহিছে। ইতিমধ্যে এই তিনিটা বিষয়ৰ সন্দৰ্ভত চিবিআইৰ দলটোৱে তদন্ত আৰম্ভ কৰিছে।

কিন্তু এই খিনিতে প্ৰশ্ন হয় যে অপৰাধীৰ কালশত্ৰু হিচাপে পৰিচিত আই পি এছ আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা লখিমপুৰ জিলাৰ পৰা কেনেকৈ আহিল এই বৃহৎ পৰিমাণৰ নকল টকা? আৰক্ষীৰ জ্ঞাতে বা অজ্ঞাতে এতিয়াও লখিমপুৰত চলি আছে নেকি নকল সোণ আৰু নকল নোটৰ উৎপাদন আৰু ব্যৱসায় – এই প্ৰশ্নই এতিয়া উদ্ৰেক হৈছে সচেতন লোকৰ মনত।

Related News