NORTHEAST NOW (Assamese)

গুৱাহাটীত তাৰকা পঞ্জাবী গায়ক দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠান; ন্যূনতম ৪০,০০০টকাৰ পৰা লাভ কৰিব টিকট

November 22, 2024 12:08 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তাৰকা পঞ্জাবী গায়ক দিলজিৎ দোছাঞ্জৰ কনচাৰ্টৰ সাক্ষী হ’বলৈ গুৱাহাটীবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

দিলজিৎ দোছাঞ্জৰ আগন্তুক দিল-লুমিনাটি ভ্ৰমণৰ অংশ হিচাপে সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত হ’বলগীয়া এই কনচাৰ্টত গুৱাহাটীকে ধৰি সমগ্ৰ দেশতে ব্যাপক হাৰত টিকট বিক্ৰী হৈছে।

গুৱাহাটীত কনচাৰ্টৰ সময় সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈ। কনচাৰ্টৰ স্থান এতিয়াও অনুৰাগীৰ আগত প্ৰকাশ পোৱা নাই।

যদি আপুনি এতিয়াও গুৱাহাটীত বহু প্ৰত্যাশিত কনচাৰ্টৰ টিকট বুকিং কৰা নাই তেন্তে আপোনাৰ Zomato একাউণ্ট বা এপত লগ ইন কৰি বুকিং কৰিব পাৰিব।

লগ ইন কৰাৰ পিছত তলৰ একেবাৰে সোঁহাতৰ চুকত অৱস্থিত Live অংশত ক্লিক কৰিব।

তললৈ স্ক্ৰল কৰি দিল-লুমিনাটি ট্যুৰ ইণ্ডিয়াত ক্লিক কৰক।

২৯ ডিচেম্বৰ, ২০২৪ তাৰিখে গুৱাহাটী কনচাৰ্ট নিৰ্বাচন কৰক।উপলব্ধ টিকটৰ শিতান চাওক আৰু বুকিং ক্লিক কৰি আগবাঢ়ক।

গুৱাহাটী কনচাৰ্টৰ টিকটৰ মূল্য ৪০ হাজাৰৰ পৰা আৰম্ভ হ’ব। টিকট এবাৰ বুক কৰিলে টকা ঘূৰাই পোৱা নাযাব আৰু বাতিল কৰাৰ সুবিধা অনুপলব্ধ৷

সমগ্ৰ উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত হোৱা শ্ব’ৰ জৰিয়তে অভিলেখ ভংগ কৰাৰ পিছত তেওঁ ইতিমধ্যে নিজৰ প্ৰদৰ্শনৰে ভাৰতীয় সংগীতপ্ৰেমীৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছে৷

Related News