NORTHEAST NOW (Assamese)
Popular Stories

১.৫ লাখ টকাৰ বিদ্যুতৰ বিল : বিল পায় হতভম্ব কৃষকৰ ফাঁচি লৈ আত্মহত্যা; দোষীক শাস্তিৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 7:15 pm
thumbs_b_c_6a2251bc0e490031e58970e0726d4515

এজন কৃষকৰ ঘৰলৈ ১ লাখ ৫০ হাজাৰ টকাৰ এখন বিদ্যুতৰ বিল!

আকাশলংঘী পৰিমাণৰ বিদ্যুতৰ বিল লাভ কৰি কিংকৰ্তব্যবিমূঢ় ৫০ বছৰীয়া এজন কৃষকে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

দুৰ্ভাগ্যজনক এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰায়গড়ত।

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ আট্ৰাউলিৰ চুনাৰিয়া গাঁৱৰ কৃষক ৰামজী লাল নামৰ কৃষকজনৰ ঘৰত বিদ্যুৎ বিভাগে লোকে বিদ্যুতৰ বিল অপৰ্ণ কৰে, যিখনত বিদ্যুতৰ বিল আছিল ১ লাখ ৫০ হাজাৰ টকা।

বৃহৎ পৰিমাণৰ ধনৰ বিদ্যুতৰ বিলখন লাভ কৰাৰ পিছতে কৃষকজনে শনিবাৰে ফাঁচি লগাই আত্মহত্যা কৰে।

দেওবাৰে মৃত লালজীৰ মৃতদেহ লৈ গঞাই স্থানীয় বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গৈ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদী গঞাই বিদ্যুৎ উপ সংমণ্ডল বিষয়া আৰু কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰা পৰ্যন্ত প্ৰতিবাদ সাৱ্যস্ত কৰি যাব বুলিও ঘোষণা কৰে।

ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে আৰু ভুক্তভোগী পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে বিলখনত ১৫০০ টকাৰ পৰিমাণৰ ঠাইত ভুলবশতঃ ১ লাখ ৫০ হাজাৰ টকা লিপিৱদ্ধ হয়।

ইফালে লালজীয়ে বিদ্যুত বিভাগৰ এই প্ৰমাদ শুধৰণিৰ বাবে কেবাদিনো বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ গৈছিল যদিও তেওঁক কাৰ্যালয়ৰ কৰ্মচাৰীয়ে মানসিকভাৱে হাৰাশাস্তি কৰে যাৰ ফলত শনিবাৰে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হয় বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।