NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ যুৱৰাজৰ অসম আগমণক কেন্দ্ৰ কৰি শংকিত নেকি মন্ত্ৰী হিমন্ত বিশ্ব শর্মা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 14, 2021 6:13 pm
620699-biswa-sarma-rahul

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ অসম আগমণক কেন্দ্ৰ কৰি শংকিত হৈছে নেকি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

কিয়নো শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত ৰাহুল গান্ধীৰ আগমনক কেন্দ্ৰ কৰি শুকুৰবাৰৰে পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে মন্ত্ৰীগৰাকীয়ে।

আজি খানাপাৰাত ফুটব্ৰীজৰ শুভাৰম্ভ কৰি ৰাহুল গান্ধীৰ অসম আগমণক কেন্দ্ৰ কৰি ইতিকিংসূচক মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।

তেওঁ ইতিকিংসূচকভাৱে কয় ’১৫ হাজাৰ জনতাক লগ পাবলৈ ৰাহুল গান্ধী অসমলৈ অহাতকৈ ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছ দলৰ ধন অলপ ৰাহি হ’লহেঁতেন।‘

ইপিনে, ব্যস্ততাপূৰ্ণ মানুহ হিচাপে আজিৰ দিনটো অসমলৈ আহি সময় নষ্ট কৰিলে বুলিও উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

আনহাতে, ব’ৰ্ডিং খেলপথাৰত মন্ত্ৰীগৰাকীয়ে সভা কৰোঁতে ১২ হাজাৰৰ পৰা ১৫ হাজাৰলৈকেহে জনসাধাৰণ উপস্থিত আছিল বুলি তেওঁ দাবী কৰে।

ইপিনে, ৰাহুল গান্ধী অসম ভ্ৰমণক কেন্দ্ৰ কৰি হোৱা খৰচক লৈ মন্ত্ৰীগৰাকীকহে চিন্তিত হোৱা দেখিবলৈ পোৱা গ’ল।

‘দিল্লীৰ পৰা ফ্লাইটত যোৰহাটলৈ, যোৰহাটৰ পৰা শিৱসাগৰলৈ হেলিকপ্তাৰত আকৌ ঘূৰি যাব, সকলো মিলি ৩৫ লাখতকৈ অধিক ধন খৰচ হৈছে। কিন্তু তাৰ ৰিজাল্টটো হৈছে কেৱল ১৫ হাজাৰ জনসাধাৰণ।‘ চিন্তিত হৈ হিমন্তবিশ্ব শৰ্মাই এইদৰে কয়।

১৫ হাজাৰ জনতাৰ উপস্থিতিত সভা পতাতকৈ কামাখ্যা, বৰপেটা সত্ৰ ভ্ৰমণ কৰাহেঁতেন তেওঁ ১৫ হাজাৰতকৈ বেছি মানুহ লগ পালেহেঁতেন বুলি ৰাহুল গান্ধীলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মানি চলিলেহে ৰাহুল গান্ধী বেছি লাভান্বিত হ’ব বুলিও মন্ত্ৰীগৰাকীলৈ উল্লেখ কৰে।