হাই এলাৰ্ট জাৰি; বৃহৎ আন্দোলনৰ ঘোষণা কৃষকৰ, ট্ৰেক্টৰ মাৰ্চৰ সিদ্ধান্ত সংযুক্ত কিষাণ মৰ্চাৰ
কৃষকৰ আন্দোলন বন্ধ হোৱা নাই। কিছু বিৰতিৰ অন্তত পুনৰবাৰ দেশৰ সাধাৰণ কৃষকে কেন্দ্ৰীয় চৰকাৰৰ অস্বস্তি বৃদ্ধি কৰিলে। আজি ২৬ ফেব্ৰুৱাৰী সোমবাৰে আন্দোলনৰ ১৪ তম দিনটোত পুনৰ ৰাজপথলৈ ওলাই আহিছে কৃষক।
এফালে শম্ভু সীমান্তত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, আনফালে সংযুক্ত কিষাণ মৰ্চাই সমগ্ৰ দেশতে ট্ৰেক্টৰ মাৰ্চৰ কথা ঘোষণা কৰিছে।
দাবী কৰা হৈছে যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত শ শ ট্ৰেক্টৰ চলাচল কৰিব যদিও ইয়াৰ ফলত যাতায়তৰ সমস্যা নহ’ব। অৱশ্যে সমগ্ৰ বিষয়টোৰ ওপৰত নয়ডা আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ ৰাঁচী টেষ্টতো পৰাজিত চাহাবৰ দল ইংলেণ্ড; যুৱ শক্তিৰ পৰাক্ৰমেৰে ছিৰিজ দখল টীম ইণ্ডিয়াৰ
বাতৰি মতে, আৰক্ষী হাই এলাৰ্টত আছে। ইপিনে, কৃষক নেতা ৰাকেশ টিকইটে এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয়, ‘ট্ৰেক্টৰ মাৰ্চ উলিওৱাৰ কাৰ্যসূচী সিদ্ধান্ত লোৱা হৈছে। দিল্লীলৈ যোৱা ঘাইপথ, বিশেষকৈ ডিভাইডাৰ হাইৱেত ট্ৰেক্টৰ ৰখাব। চৰকাৰে যাতে আমাৰ কথা শুনে, কৃষকক পাহৰি নাযায় তাৰ বাবে এক বেলেগ ধৰণৰ প্ৰতিবাদৰ সিদ্ধান্ত লোৱা হৈছে।”
সোমবাৰে ভাৰতীয় কিষাণ ইউনিয়ন টিকায়েত গোটক আগতীয়া নিৰ্দেশত যমুনা এক্সপ্ৰেছৱে, লুহৰলী টোল প্লাজা আৰু মহামায়া বিমানবন্দৰ হৈ দিল্লীলৈ যাবলৈ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহু পথ অন্য দিশলৈ ডাইভাৰ্ট কৰা হৈছে। নয়ডা ট্ৰেফিক আৰক্ষীয়ে এডভাইজাৰী আৰু ডাইভাৰচন প্লেন জাৰি কৰিছে।
কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত গৌতম বৌদ্ধ নগৰৰ পৰা দিল্লী সীমান্তলৈ যাতায়ত অন্য দিশলৈ নিয়া আৰু যান-জঁটৰ চাপ বৃদ্ধিৰ ক্ষেত্ৰত যমুনা এক্সপ্ৰেছৱে, লুহৰলী টোল প্লাজা আদিত যাতায়ত অন্য দিশলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
লগতে পঢ়কঃ “নাছা”ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত বৰপেটাৰ কৃশাংগী কাশ্যপ
আনহাতে, যমুনা এক্সপ্ৰেছৱেৰ পৰা নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱে হৈ দিল্লীলৈ আৰু ছিৰছাৰ পৰা পাৰিচোক হৈ সুৰজপুৰলৈ সকলো সামগ্ৰীৰ যান-বাহন চলাচল নিষিদ্ধ কৰা হৈছে।