• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাঁচী টেষ্টতো পৰাজিত চাহাবৰ দল ইংলেণ্ড; যুৱ শক্তিৰ পৰাক্ৰমেৰে ছিৰিজ দখল টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2024 2:42 pm
ফটো সৌজন্যঃ বিচিচিআই।

ফটো সৌজন্যঃ বিচিচিআই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১০ বছৰত টীম ইণ্ডিয়াই কৰিব নোৱাৰা কামটো সোমবাৰে পুৱা ৰোহিত শৰ্মা বাহিনীয়ে কৰিলে। হাতত এখন টেষ্ট বাকী থকা অৱস্থাতে ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো হস্তগত কৰিলে টীম ইণ্ডিয়াই। দেশৰ মাটিত যোৱা ১০ বছৰত চতুর্থ ইনিংছত ১৫০ ৰানতকৈ অধিক ৰান অনুসৰণ কৰি জয়ী হোৱা নাই ভাৰতে৷ ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই এইবাৰ মহেন্দ্ৰ সিং ধোনীৰ গৃহ চহৰত বেন ষ্ট’কছ বাহিনীৰ বিৰুদ্ধে সেয়া কৰি দেখুৱালে।

ৰাঁচী টেষ্টৰ তৃতীয় দিনৰ পৰাই ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলে খেলখন আৰু শৃংখলা জয়ৰ উদযাপন আৰম্ভ কৰিছিল। মাথোঁ অপেক্ষা আছিল সোমবাৰে ভাৰতৰ চতুৰ্থ টেষ্ট জয়লৈ। শেষলৈ প্ৰায় ডেৰ দিন বাকী থকা অৱস্থাত ৰাঁচী টেষ্ট আৰু ছিৰিজ দুয়োটা ৰোহিত বাহিনীৰ দখলত। ইয়াৰ আঁৰত আমি দুজন যুৱ খেলুৱৈৰ কথা ক’ব লাগিব। শুভমান গিল আৰু ধ্ৰুৱ জুৰেল-এই দুই যুৱ যোদ্ধাই ধোনিৰ গৃহ খেলপথাৰত ভাৰতক জয়ী কৰিলে।

Apply Now

তৃতীয় দিনৰ শেষত ভাৰতৰ অপেনিং যুটিয়ে বিনা উইকেটত ৪০ ৰান সংগ্ৰহ কৰে। তাৰ পাছত সোমবাৰে পুৱা ৬৯টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ৰোহিত শৰ্মাই। সেই সময়ত ৰোহিতৰ সৈতে আছিল অ’পেনাৰ যশস্বী জয়ছোৱাল। তাৰ পাছত জো ৰুটে যশস্বীৰ উইকেট দখল কৰে। ৪১ বছৰীয়া জেমছ এণ্ডাৰছনে ডাইভিং কৰি কেচ ধৰে।

অধিনায়ক ৰোহিত শৰ্মা যি ছন্দত আছিল, সেই ছন্দত তেওঁ ভাৰতক জয়ী কৰি খেলপথাৰ এৰিব পাৰিলেহেঁতেন। কিন্তু টম হাৰ্টলীয়ে ২৫.১ অভাৰত ৰোহিতৰ উইকেট দখল কৰে। ৰোহিতে ৮১টা বলত ৫৫ ৰান সংগ্ৰহ কৰি পেভলিয়নলৈ উভতি যায়। তাৰ পাছত ৰজত পাটিদাৰ আৰু শুভমন গিলে দলক জয়ী কৰাৰ সোণালী সুযোগ লাভ কৰে। কিন্তু ৰাঁচীতো বিফল হ’ল ৰজত। প্ৰথম ইনিংছত ১৭ ৰান সংগ্ৰহ কৰি শ্বোৱেইব বছিৰৰ চিকাৰ হৈছিল ৰজত। দ্বিতীয় ইনিংছত একাউণ্ট খুলিবলৈ সুযোগে নিদিলে শ্বোৱেইব বছিৰ।

স্ক’ৰব’ৰ্ডত ১ উইকেটৰ বিনিময়ত ৮৪ ৰান আছিল যদিও ভাৰতে ১০০ ৰানৰ ভিতৰত ৩ টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত শুভমন গিল আৰু ৰবীন্দ্ৰ জাদেজাই দলটোক আগুৱাই লৈ গৈ থাকিল। এই যুটিটোৱে ৰান কৰিবলৈ বেছি খৰখেদা কৰা যেন নালাগিল। দুপৰীয়াৰ মধ্যাহ্ন ভোজনৰ সময়লৈকে টীম ইণ্ডিয়াই ৩ উইকেটত ১১৮ ৰান সংগ্ৰহ কৰে। সেই সময়ত জয়ী হ’বলৈ আৰু ৭৪ ৰানৰ প্ৰয়োজন আছিল।

দুপৰীয়াৰ আহাৰ বিৰতিৰ পৰা উভতি অহাৰ পিছত শ্বোৱেইব বছিৰে ৰবীন্দ্ৰ জাদেজাৰ উইকেট দখল কৰে। ৪ ৰানেৰে খেলপথাৰ এৰিলে জাডেজাই। তেনেতে সৰফৰাজ ক্ৰীজত নামিল। কিন্তু কোনো ৰাণ অবিহনে ঘূৰি আহিল।

শুভমন গিল আৰু ধ্ৰুৱ জুৰেলে তাৰ পৰাই দলক জয়ী কৰাৰ দায়িত্ব কান্ধত লৈছিল। ১৩৬টা বলত শুভমন আৰু ধ্ৰুৱই ৭২ ৰানৰ অপৰাজিত অংশীদাৰিত্বৰে এই টেষ্ট মেচখনত টীম ইণ্ডিয়াই ৫ উইকেটত জয়লাভ কৰে। শুভমনে অপৰাজিত ৫২ আৰু ধ্ৰুৱই অপৰাজিত ৩৯ ৰানৰ ইনিংছ উপহাৰ দিয়ে। এইবাৰ ৩-১ ব্যৱধানত শৃংখলা লৈ ধৰ্মশালাত খেলিব ৰোহিত বাহিনীয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd