NORTHEAST NOW (Assamese)
দেশ

প্ৰেম কৰাৰ ‘অপৰাধত’ নিজ কন্যাক হত্যা কৰিলে পিতৃয়ে! এচিডেৰে চেহেৰা জ্বলায় পৰিচয় গোপনৰ চেষ্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2026 4:22 pm

প্ৰেম কৰাৰ অপৰাধত ১৬ বছৰীয়া এগৰাকী কিশোৰীক তেওঁৰ নিজ পিতৃয়ে হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। কেইবাবাৰো বুজোৱাৰ পাছতো কিশোৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে সম্পৰ্ক ত্যাগ নকৰাৰ বাবে পিতৃয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

হত্যাৰ পাছত পৰিচয় গোপন কৰাৰ উদ্দেশ্যে এচিড ঢালি কন্যাৰ মুখমণ্ডল সম্পূৰ্ণৰূপে পুৰি পেলোৱা হৈছিল আৰু মৃতদেহটো ৰাস্তাৰ কাষত পেলাই দিয়া হৈছিল। ঘটনাটো লুকুৱাবলৈ প্ৰথম অৱস্থাত পিতৃয়ে কন্যা নিখোজ হোৱাৰ নাটক কৰিছিল যদিও আৰক্ষীৰ তদন্তত সকলো সত্য ওলাই পৰে।

বিগত বৰ্ষৰ আগষ্ট মাহত বন্দনা চৌবে নামৰ কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কাজিয়া কৰি প্ৰেমিকৰ হাত ধৰি ঘৰৰ পৰা ওলাই গৈছিল। কিছু দিনৰ পাছত কিশোৰীগৰাকী পুনৰ ঘৰলৈ উভতি আহে। পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত কিশোৰীগৰাকীৰ প্ৰেমিকে তিনি মাহ জে’লত কটাব লগা হৈছিল। কিন্তু ইমানৰ পাছতো বন্দনাই পৰিয়ালৰ বাধা নেওচি প্ৰেমিকৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। জীয়ৰীৰ এই আচৰণ পিতৃ বিজয় কুমাৰ চৌবেৰ সহ্য হোৱা নাছিল। আনকি আত্মীয়-স্বজনে এই সম্পৰ্কক লৈ কুৎসা ৰটনা কৰাৰ বাবে তেওঁ কেইবাবাৰো ঘৰো সলনি কৰিছিল। কিন্তু কিশোৰীগৰাকী নিজৰ সিদ্ধান্তত অটল থকা দেখি অৱশেষত পিতৃয়ে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰে।

এই হত্যাকাণ্ডত বিজয়ক সহায় কৰিছিল তেওঁৰ বন্ধু আব্দুল মান্নানে। যোৱা ১৩ এপ্ৰিলত ৰাজস্থানত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ নামত বিজয়ে কন্যাক লগত লৈ গৈছিল। নিশা বাৰবাঁকীৰ মৰুভূমি অঞ্চলৰ এটা নিৰ্জন পথত বিজয় আৰু মান্নানে গাড়ীখন ৰখাই দিয়ে। তাতেই টোপনি গৈ থকা অৱস্থাত বন্দনাক ডিঙি চেপি হত্যা কৰা হয়। ইয়াৰ পাছতে যাতে কোনেও চিনাক্ত কৰিব নোৱাৰে, তাৰ বাবে কিশোৰীগৰাকীৰ মুখত এচিড ঢালি দিয়া হয়। তেওঁলোকৰ পৰিকল্পনা আছিল মৃতদেহটো ওচৰৰ সাৰদা কেনেলত পেলাই দিয়াৰ। কিন্তু সেই সময়ত কিছুমান বাহনৰ চলাচল দেখি তেওঁলোক শংকিত হৈ পৰে আৰু তৰিৎ গতিত মৃতদেহটো ৰাস্তাৰ কাষতে পেলাই থৈ পলায়ন কৰে।

ঘটনাৰ কিছু দিন পাছত অৰ্থাৎ ১৬ এপ্ৰিলত বিজয়ে নিজেই আৰক্ষীৰ ওচৰত কন্যা নিখোজ হোৱাৰ এজাহাৰ দাখিল কৰে। অৱশ্যে বিজয়ৰ ফোনৰ কল ৰেকৰ্ড পৰীক্ষা কৰাৰ পাছত আৰক্ষীৰ সন্দেহ হয়। আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ অভিযুক্ত পিতৃয়ে নিজ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। তেওঁ দাবী কৰে যে সমাজত সন্মান হানি হোৱাৰ ভয়তে তেওঁ এই কাণ্ড সংঘটিত কৰিছে। বৰ্তমান আৰক্ষীয়ে ৩৪ বছৰীয়া বিজয় চৌবে আৰু ৪৫ বছৰীয়া আব্দুল মান্নান দুয়োজনকে গ্ৰেপ্তাৰ কৰি এই সন্দৰ্ভত অধিক তদন্ত চলাই আছে।