NORTHEAST NOW (Assamese)

অনুকৰণীয়! আড়ম্বৰপূৰ্ণভাৱে বিয়া পতাৰ পৰিৱৰ্তে সেই ধনেৰে যুৱকে নিৰ্মাণ কৰিলে গাঁৱৰ ৰাস্তা

May 4, 2025 12:16 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰত এজন যুৱকৰ আজৱ কাণ্ড।আড়ম্বৰপূৰ্ণভাৱে বিয়া পতাৰ পৰিৱৰ্তে বৰঞ্চ সেই ধনেৰে গাঁৱৰ ৰাস্তা নিৰ্মাণ কৰিলে এজন যুৱকে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ ছুছা গাঁৱৰ বাসিন্দা শ্ৰীকান্ত একুদে বহুদিনৰ পৰাই এই বিষয়ে চিন্তা কৰি আছিল। যিদৰে ভবা হয়, কৰ্মও তেনেকুৱাই। বিয়াখন কোনো ধুমধামেৰে পতাৰ পৰিৱৰ্তে টকাখিনি গাঁৱৰ কামত ব্যৱহাৰ কৰা হৈছিল। বিয়াৰ অনুষ্ঠান এৰি দি পইচা খৰছ কৰি গাঁৱৰ বাবে এটা ৰাস্তা সাজিলে। বিয়াৰ দিনটো উন্নয়নৰ দিন হৈ পৰিল।

২৮ এপ্ৰিলত শ্ৰীকান্ত আৰু অঞ্জলিৰ বিয়া অতি সহজভাৱে হৈছিল। কোনো ডাঙৰ অনুষ্ঠান নাছিল, কোনো উৎসৱমুখৰ ভোজ নাছিল। ঘৰৰ সা-সামগ্ৰী বা দামী উপহাৰৰ সলনি তেওঁলোকে আলহীৰ পৰা গছৰ পুলি বিচাৰিছিল। সেই অনুসৰি বিয়াৰ দিনা প্ৰায় ৯০ টা ফলমূলৰ গছ ৰোপণ কৰা হয়।

শ্ৰীকান্তই কৃষি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ কয়, “মই বিচাৰিছিলো বিয়াৰ টকাখিনি গাঁৱৰ উপকাৰৰ কামত ব্যৱহাৰ কৰা হওক। বাৰিষা গাঁৱৰ মানুহে পথাৰলৈ যাবলৈ বৰ অসুবিধা পায়। এটা ৰাস্তা নিৰ্মাণ কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল।” পৰিয়াল আৰু আত্মীয়ক পতিয়ন নিয়াৰ পাছত প্ৰায় ৫০ হাজাৰ টকা সংগ্ৰহ কৰে। সেই অৰ্থত ৬০০ মিটাৰ দৈৰ্ঘ্যৰ মাটিৰ পথ নিৰ্মাণ কৰা হ, যাৰ ফলত এতিয়া গাঁওবাসীয়ে নিজৰ কৃষিভূমিত প্ৰৱেশ কৰাত বহুত সহজ হৈ পৰিছে।

Related News