NORTHEAST NOW (Assamese)

আন এক বিশ্বযুদ্ধৰ ৰণডংকা! আজিৰ পৰা আৰম্ভ হ’ব টি-২০ মহাৰণ

October 17, 2021 7:08 am · এন ই নাও নিউজ, গুৱাহাটী

আজিৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ আটাইতকৈ চমু সংস্কৰণ টি-২০ ক্ৰিকেটৰ বিশ্বকাপ। বিশ্ব জয়ৰ লক্ষ্যৰে ক্ৰিকেট ফিল্ডত সমুখ সমৰত লিপ্ত হ’ব ১৬ খন দেশ।

সপ্তম বাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ICC টি-২০ বিশ্বকাপৰ আয়োজন কৰিছে UAE আৰু ওমানে। আজিৰ পৰা ১৪ নৱেম্বৰলৈ প্ৰায় এমাহ ধৰি অনুষ্ঠিত হ’ব ক্ৰিকেটৰ এই মহাৰণখন।

উল্লেখ্য যে ICC টি-২০ বিশ্বকাপৰ সপ্তম সংস্কৰণ ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিশ্বজোৰা ক’ভিদ সন্ত্ৰাসৰ ফলত টুৰ্নামেণ্টখন অনিৰ্দিষ্ট সময়লৈ স্থগিত ৰখা হয়। ইয়াৰ পাছত চলিত বৰ্ষত টুৰ্নামেণ্টখন ভাৰতত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয় যদিও ভাৰতত ক’ভিদ পৰিস্থিতি শাম নকটাৰ বাবে UAE আৰু ওমানলৈ স্থানান্তৰ কৰা হয়।

বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হ’ব UAEৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, শ্বেখ জায়েদ ক্ৰিকেট ষ্টেডিয়াম, শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়াম আৰু ওমানৰ আল আমেৰাট ক্ৰিকেট ষ্টেডিয়ামত।

যদিও এইবাৰৰ বিশ্বকাপত ১৬ খন দেশে ভাগ ল’ব,মূল প্ৰতিযোগিতাখনত ১২ খন দেশহে অৱতীৰ্ণ হ’ব। ইতিমধ্যে মূল প্ৰতিযোগিতা খনলৈ ভাৰত, নিউজিলেণ্ড , পাকিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তানে পোনপটীয়াভাৱে যোগ্যতা অৰ্জন কৰিছে।

আনহাতে আয়াৰলেণ্ড, শ্ৰীলঙ্কা, বাংলাদেশ, নামিবিয়া, নেডাৰলেণ্ড, ওমান, পপুৱা নিউগিনি আৰু স্ক’টলেণ্ডে যোগ্যতা নিৰ্ণয়কাৰী প্ৰথম ৰাউণ্ডত ভাগ ল’ব। ইয়াৰ শীৰ্ষ চাৰিটা দলে মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব।

মূল প্ৰতিযোগিতাখন চুপাৰ ১২ গ্ৰুপত অনুষ্ঠিত হ’ব। এই চুপাৰ ১২ ৰ ১২ খন দেশক দুটা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ ১ ত আছে- অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু যোগ্যতা নিৰ্ণয়কাৰী গ্ৰুপ A ৰ শীৰ্ষ দল আৰু গ্ৰুপ B ৰ দ্বিতীয় স্থানৰ দল।

আনহাতে গ্ৰুপ ২ ত আছে- ভাৰত, পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান আৰু যোগ্যতা নিৰ্ণয়কাৰী গ্ৰুপ A ৰ দ্বিতীয় স্থানৰ দল আৰু গ্ৰুপ B ৰ শীৰ্ষ দল।

প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল ছেমি ফাইনেললৈ অগ্ৰসৰ হ’ব। প্ৰথমখন ছেমিত গ্ৰুপ A ৰ শীৰ্ষ দলে গ্ৰুপ B ৰ দ্বিতীয় স্থানৰ দলৰ মুখামুখি হ’ব। আনহাতে দ্বিতীয় খন ছেমিত গ্ৰুপ A ৰ দ্বিতীয় স্থানৰ দলটোৱে গ্ৰুপ Bৰ শীৰ্ষ দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব।

সৰ্বমুঠ ৫.৬ মিলিয়ন আমেৰিকান ডলাৰ প্ৰাইজমণিৰ প্ৰতিযোগিতা খনৰ বিজয়ী দলে লাভ কৰিব ১.৬ মিলিয়ন আমেৰিকান ডলাৰ। আনহাতে ৰানাৰ্চ আপ দলে লাভ কৰিব ৮ লাখ আমেৰিকান ডলাৰ। যোগ্যতা নিৰ্ণয়কাৰী প্ৰথম ৰাউণ্ডৰ পৰা বিদায় লোৱা দলসমূহে লাভ কৰিব ৪০,০০০ আমেৰিকান ডলাৰ। এই ৰাউণ্ডত প্ৰতিখন মেচত বিজয়ী দলে লাভ কৰিব ৪০,০০০ মাৰ্কিন ডলাৰৰ বোনাচ।

সেইদৰে চুপাৰ ১২ ৰ পৰা বিদায় লোৱা দলসমূহে ৭০,০০০ আমেৰিকান ডলাৰ লাভ কৰাৰ বিপৰীতে প্ৰতিখন মেচত বিজয়ী দলে লাভ কৰিব ৪০,০০০ মাৰ্কিন ডলাৰৰ বোনাচ।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ বিজয়ী ভাৰতে ২৪ অক্টোবৰত পাকিস্তানৰ বিপক্ষে খেলি নিজৰ টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।

Related News