NORTHEAST NOW (Assamese)

২৫ বছৰে এডাল সাপ পুহি ৰাখিলে শিৱ সেনাই! কি এই সাপ?— ক’লে উদ্ধৱ ঠাকৰেই

March 3, 2022 5:02 pm · এন ই নাও নিউজ, গুৱাহাটী

গাখীৰ খুৱাই সাপ পুঁহিছিল শিৱসেনাই। কিন্তু এতিয়া সেই সাপডালেই শিৱসেনাক খুঁটিবলৈ উদ্যত হৈছে। বিজেপিৰ প্ৰতি পুনৰ এইদৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে মুখৰ হৈ পৰিছে। বিজেপিক এডাল সাপৰ স’তে তুলনা কৰিছে ঠাকৰেই।

তেওঁ কয় যে যোৱা ২৫ বছৰ ধৰি এই সাপডালক তেওঁৰ দল শিৱসেনাই প্ৰতিপাল কৰি আহিছে। কিন্তু সেই সাপডালেই খোঁট মাৰিবলৈ উদ্যত হৈছে।

বিজেপিক এইদৰে তীক্ষ্ণ কটাক্ষ কৰি ঠাকৰেই কয় যে বিজেপিৰ দৰে এডাল সাপক কেনেদৰে মাৰিব পাৰি, সেয়া শিৱসেনাই ভালদৰেই জানে। মুম্বাইত অনুষ্ঠিত এখন ৰাজনৈতিক বৈঠকত ঠাকৰেই এই মন্তব্য কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ অহৰহ বিজেপিক কটাক্ষ কৰি আহিছে শিৱসেনাই। কিছুদিন পূৰ্বে ঠাকৰেই কৈছিল যে নিজকে হিন্দুৰ ৰক্ষাকাৰী বুলি দাবী কৰি আহিলেও প্ৰকৃততে বিজেপিৰ হিন্দুত্ববাদ ভুৱা! ক্ষমতাৰ বাবে কৰা বিজেপিৰ এয়া এখন নাটক।

ব্ৰিটিছে যিদৰে দেশবাসীৰ দাসত্ব জাপি দিছিল, তেনেধৰণে বিজেপিয়েও সেই পৰিৱেশ ঘূৰাই আনিব বিচাৰিছে! প্ৰকৃত হিন্দুৱে কেতিয়াও ইয়াক গ্ৰহণ কৰিব নোৱাৰে।

উল্লেখযোগ্য যে বিজেপিৰ দৰেই শিৱসেনাইও হিন্দুত্ববাদত বিশ্বাস কৰে। দলটোৰ প্ৰতিষ্ঠাপক বাল ঠাকৰেৰ আদৰ্শৰ বিষয়ে সকলো জ্ঞাত।

কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা দলটোৱে বিজেপিৰ বিৰুদ্ধাচাৰণ কৰিবলৈ আৰম্ভ কৰে। ২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত দলটোৱে সম্পূৰ্ণ বিপৰীত আদৰ্শৰ এনচিপি আৰু কংগ্ৰেছৰ স’তে মিত্ৰতা কৰে।

বৰ্তমান দলটোৱে মোদী চৰকাৰৰ চৰম বিৰোধী হিচাপে নতুন পৰিচিতি লাভ কৰিছে।

Related News