NORTHEAST NOW (Assamese)

ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং; ভাৰত আৰু বাংলাদেশৰ খেল ড্ৰ ৰূপে সামৰণি

October 15, 2019 9:32 pm · এন ই নাও নিউজ
Updated: October 15, 2019 10:05 pm
সুনীল ছেত্ৰী

কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগণত ভাৰত আৰু বাংলাদেশৰ মাজত আজি অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ ‘ই’ৰ এখন গুৰুত্বপূৰ্ণ খেল ১-১ গ’লত ড্ৰ ৰূপে সামৰণি পৰে।

সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধৰ ৪২ মিনিটত ছৈয়দ উদ্দিনে দিয়া গ’লৰ সহায়ত বাংলাদেশে ১-০ ৰ অগ্ৰগতি লাভ কৰে।

এটা ফ্ৰি কিকত সুন্দৰভাৱে হেড দি ভাৰতীয় গ’ল ৰক্ষক গুৰপ্ৰীত সিং সান্ধুক পৰাভূত কৰে ছৈয়দ উদ্দিনে।

দ্বিতীয়াৰ্ধত ভাৰতে আক্ৰমণৰ গতি তীব্ৰতৰ কৰি তোলে যদিও ৮৮ মিনিটলৈ গ’ল পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাছিল।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ ৮৮ মিনিটত আদিল খানে দিয়া গ’লৰ সহায়ত ভাৰতে ১-১ ত সমতা স্থাপন কৰে আৰু খেলখন ড্ৰ ৰূপে সামৰণি পৰে।

আজিৰ খেলখনত ৰেফাৰীয়ে বাংলাদেশৰ দুজন আৰু ভাৰতৰ এজন খেলুৱৈক বিধিনিষিদ্ধ খেলৰ বাবে হালধীয়া কাৰ্ড দেখুৱাবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, ফিফা ৰেংকিং অনুসৰি বৰ্তমান ভাৰতৰ স্থান ১০৩ হোৱাৰ বিপৰীতে ১৮৭ নম্বৰত আছে বাংলাদেশ।

আজিৰ খেলত ভাৰতৰ ৰক্ষণ বিভাগত তাৰকা ডিফেণ্ডাৰ সন্দেশ জিংঘানৰ উপস্থিতি বাৰুকৈয়ে অনুভব হয়।

ভাৰতে ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ ‘ই’ৰ প্ৰথমখন খেলত ওমানৰ বিপক্ষে পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন খেলত শক্তিশালী কাটাৰৰ বিপক্ষে ড্ৰ খেলবলৈ সক্ষম হৈছিল।

Related News