NORTHEAST NOW (Assamese)

কি দোষৰ বাবে ফেইচবুকলৈ চূড়ান্ত ‘চমন’ প্ৰেৰণ কৰিছে দিল্লী বিধানসভাই

September 21, 2020 3:44 pm · এন ই নাও নিউজ

ফেইচবুক ইণ্ডিয়ালৈ ‘চূড়ান্ত’ চমন প্ৰেৰণ কৰিছে দিল্লীৰ বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিয়ে।

ফেইচবুকৰ বিৰুদ্ধে অভিযোগ আছিল যে যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত বিদ্বেষ বিয়পাই তোলা পোষ্টবোৰ ফেইচবুকে মচি দিয়া নাছিল।

এই অভিযোগ সম্পৰ্কে ফেইচবুক ইণ্ডিয়াৰ পৰা দিল্লী বিধানসভাই জবাব বিচাৰি আগন্তুক বুধবাৰে ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিৰ সন্মুখত হাজিৰ হ’বলৈ চূড়ান্ত নিৰ্দেশ দিছে ফেইচবুক ইণ্ডিয়াৰ শীৰ্ষ বিষয়াক।

উল্লেখ্য যে, যোৱা ১৫ ছেপ্টেম্বৰত দিল্লী বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিয়ে ফেইচবুক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অজিত মোহনক উপস্থিত হ’বলপৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ কমিটিৰ নিৰ্দেশ অৱমাননা কৰি উপস্থিত হোৱা নাছিল।

চমন লাভ কৰিও ফেইচবুক ইণ্ডিয়াই দিল্লী বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি কমিটি’ৰ সন্মুখত উপস্থিত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে উক্ত সমিতিয়ে।

“তেওঁলোকক উপস্থিত থাকিবলৈ তেওঁলোকলৈ এক জাননী প্ৰেৰণ কৰা হৈছিল। এই জাননী অগ্ৰাহ্য কৰা হৈছে। সাংবিধানিক কতৃৰ্ত্ব থকা এক কমিটিৰ অধিকাৰ আৰু মৰ্যাদাকো অৱমাননা কৰিছে ফেইচবুক ইণ্ডিয়াই।” কমিটিৰ অধ্যক্ষ তথা আম আদমিৰ বিধায়ক ৰাঘব চড্ডাই এইদৰে কয়।

কমিটিয়ে এইবাৰ কঠোৰতা প্ৰদৰ্শন কৰি কৈছে যে যদি ফেইচবুক ইণ্ডিয়াই পুনৰ এই চমনক অগ্ৰাহ্য কৰে তেনে তেওঁলোকৰ  প্ৰতি শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব।

Related News