NORTHEAST NOW (Assamese)

ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা; অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে এফ আই আৰ

October 26, 2019 9:52 am · এন ই নাও নিউজ
অভিনেতা প্ৰকাশ ৰাজ। ফটো উৎস : ইন্টাৰনেট

ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰি বিপদত পৰিছে অভিনেতা প্ৰকাশ ৰাজ। তেওঁৰ এনে বক্তৱ্যৰ বাবে দুগৰাকী আইনজীৱীয়ে নতুন দিল্লীৰ তিলক মাৰ্গ আৰক্ষী থানাত অভিনেতাগৰাকীৰ বিৰুদ্ধে এক এফ আই আৰ দাখিল কৰিছে।

অভিনেতাগৰাকীৰ বক্তৱ্যই হিন্দু সম্প্ৰদায়ৰ অনুভুতিক আঘাত কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে।

ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰাৰ বাবেই প্ৰকাশ ৰাজৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।

কেইদিনমান পূৰ্বে এক সাক্ষাৎকাৰত অভিনেতা প্ৰকাশ ৰাজে কৈছিল যে তেওঁ ৰামলীলা পছন্দ নকৰে। এই প্ৰসংগত তেওঁ শিশু পৰ্ণ’গ্ৰাফীৰ কথা টানি আনে।

তেওঁ কয় যে ৰামলীলাৰ আধুনিকীকৰণ হৈছে। ৰাম-সীতাৰ ঘটনা বৰ্তমান যিধৰণে প্ৰদৰ্শন কৰা হয় সেয়া তেওঁৰ পছন্দ নহয়। বিষয়টো তেওঁৰ বাবে বহুখিনি ‘চাইল্ড পৰ্ণ’গ্ৰাফী’ দৰে লাগে। যিদৰে শিশুসকলক লৈ পৰ্ণ’গ্ৰাফী তেওঁৰ পছন্দ নহয়, তেনেদৰে ৰামলীলাও তেওঁ পছন্দ নকৰে।

অভিনেতাগৰাকীৰ উক্ত বক্তৱ্যৰ পাছতেই বিষয়টো লৈ বিতৰ্কৰ সৃষ্টি হয়। ৰামলীলাৰ প্ৰদৰ্শনকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ প্ৰকাশ ৰাজে কয় যে বৰ্তমান ৰামলীলা যিদৰে প্ৰদৰ্শন কৰা হয় তাত সংখ্যালঘুসকলৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি হয়।

প্ৰকাশ ৰাজেই এয়াই নহয়, পূৰ্বেও একাধিকবাৰ বিজেপিৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰি আহিছে। বিজেপিৰ বিৰোধিতা কৰিয়েই তেওঁ যোৱা লোকসভা নিৰ্বাচনত বেংগালুৰু চেন্ট্ৰেলৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাও কৰিছিল।

Related News