NORTHEAST NOW (Assamese)

পুৰীৰ মন্দিৰৰ ধ্বজাত জুই ! অশনি সংকেত আখ্যা ভক্ত সকলৰ

March 21, 2020 1:05 pm · এন ই নাও নিউজ
Updated: March 22, 2020 7:15 pm

কালি সন্ধিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ক লৈ হৈ চৈৰ সৃষ্টি হৈছে।

ভিডিঅ’টোত পুৰীৰ মূল মন্দিৰৰ ওপৰত লগোৱা ধৰ্মধ্বজাত জুই লগা দেখা গৈছে।

এই কাৰ্য্যক অশনি সংকেত হিচাপে গ্ৰহণ কৰিছে সাধাৰণ মানুহসকলে।

ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলৰ অধিকাংশ লোকে কৈছে যে এয়া অমংগলৰ লক্ষণ।

আনহাতে, মন্দিৰৰ ধৰ্মধ্বজত কিদৰে জুই লাগিল সেই সম্বন্ধে আৰু ভিডিঅ’টোৰ সত্যতা সন্দৰ্ভতো এতিয়ালৈ বিতংকৈ জানিব পৰা হোৱা নায়।

তথাপি মন্দিৰত ধৰ্মধ্বজা লগোৱাৰ সময়তে কোনো কাৰণত ধৰ্মধ্বজাত জুই লাগে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

অৱশ্যে ভিডিঅ’টোত মন্দিৰৰ কোনোধৰণৰ ক্ষতি হোৱা নায়।

উল্লেখযোগ্য যে, পুৰীৰ মন্দিৰত প্ৰতিদিনে এগৰাকী পুৰোহিতে চূড়ালৈ গৈ ধৰ্মধ্বজা উত্তোলন কৰে।

সুউচ্চ মন্দিৰৰ চূড়াৰ শীৰ্ষত ধৰ্মধ্বজা উত্তোলন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু এনেদৰে বছৰ বছৰ ধৰি চলি আছে।

সেইমৰ্মে পুৰীৰ মন্দিৰৰ ধৰ্মধ্বজাত জুই লগা কাৰ্য্যক সকলোৱে অশনি সংকেতৰ দৃষ্টিৰে চাইছে।

Related News