NORTHEAST NOW (Assamese)

নগাঁৱত পে’ট্ৰল পাম্পৰ কৰ্মচাৰীক গুলীয়াই দুৰ্বৃত্তই লুটি নিলে ধন

October 10, 2019 9:24 pm · এন ই নাও নিউজ

নগাঁৱৰ কঠীয়াতলীৰ সমীপৰ এঘাৰ মাইলত আজি সংঘটিত এক গুলী চালনাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তিনিখন মটৰচাইকেলত অহা ৬ জনীয়া এটা দুৰ্বৃত্তৰ দলে কঠীয়াতলীৰ সমীপৰ এইচ পি পে’ট্ৰল পাম্পত এই গুলী চালনা কৰে।

দুৰ্বৃত্তৰ দলটোৱে পে’ট্ৰল পাম্পটোৰ কৰ্মচাৰী ৰাজকুমাৰ জৈন নামৰ কৰ্মচাৰীজনলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলী চালনা কৰে। আৰু ৰাজকুমাৰে বেংকত জমা দিবলৈ অনা ধনৰ বেগ দুৰ্বৃত্তৰ দলটোৱে লৈ ঘটনাস্থলীৰ পৰা উধাও হয়।

আনহাতে দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হোৱা ৰাজকুমাৰক প্ৰথম অৱস্থাত নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

ইতিমধ্যে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related News